পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
স্বৰ্গীয় সত্যনাথ বৰাৰ

লৰাকালত এই ৰিপুবোৰে অলপকৈ উদ্বহতি কৰিছিল; তেতিয়া খং আছিল খন্তেকীয়া, হিংসা মাথোন দুদিনীয়া, কূৰ্চ্চুট কপটৰ চকুৱেই গজা নাছিল কিন্তু ডেকাকালত সিহঁতৰ উদ্ভণ্ডালি বেচি হল।” সত্যনাথ বৰাই নিজৰ দোষবোৰৰ বিষময় ফল অচিৰেই বুজি মনক এনেদৰে শিলৰ খুটি কৰি বান্ধিলে যে, শেহত তেওঁ অসমীয়াৰ এজন আদৰ্শ বা আৰ্হিপুৰুষ হলগৈ। সত্যনাথৰ শৰীৰক সত্যে সত্যে সকলো সজগুণে সুশোভিত কৰিলে।

 সত্যনাথ বৰা সাংসাৰিক জীৱনত ভাল এজন গৃহস্থ আছিল। তেওঁৰ সাংসাৰিক জীৱন শান্তিপূৰ্ণ আছিল। তেওঁৰ সহধৰ্মিণীও এগৰাকী গুণৱতী মহিলা আছিল। শিপিনীৰ কামত তেখেত অতি পাৰ্গত আছিল। “বিয়াৰ নাম” নামে এখন সম্পূৰ্ণ বিয়াৰ নামৰ কিতাপো তেখেতে লিখি গৈছে। বিয়াৰ নামৰ কিতাপ আগেয়ে কেইবাখনো ছপা হৈ ওলাইছিল। কিন্তু এইখন কিতাপত অসমীয়া বিয়াৰ, বামুণৰ লগুণ দিয়নীৰ আৰু আন মাঙ্গলিক অনুষ্ঠান উপলক্ষে অসমীয়া তিৰোতাই গোৱা আটাইবোৰ নাম ইয়াত ঠাই পাইছে। এই বিয়াৰ নাম সম্পৰ্কে শ্ৰীযুত লক্ষ্মীনাথ বেজ বৰুৱা ডাঙ্গ- ৰীয়াই কয় যে, বিয়াৰ নামৰ গ্ৰন্থকৰ্ত্তৃ শ্ৰীযুতা ভুবনমোহিনী বৰানী, অম্বিকানাথ আৰু জ্ঞাননাথৰ জননী শ্ৰীযুত সত্যনাথ বৰাৰ পত্নী আৰু ৰায় বাহাদুৰ কণকলাল বৰুৱাৰ ভগ্নী, এনে এটি Literary পৰিয়ালৰ পৰা ওলাই অহা কিতাপ অৱশ্যে