পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১২
স্বৰ্গীয় সত্যনাথ বৰাৰ

জঞ্জালত পৰিব লাগিব বুলি সকলোবোৰ লেঠা লগা কামৰ পৰা আঁতৰি ফুৰিছিল। সিবিলাকে কয় যে, মানুহক টকা ধৰে নিদিছিল, জানোচা মোকৰ্দ্দমা কৰি লেঠাত পৰিব লাগে; মাটি-বাৰী, বয়-বস্তু নকৰিছিল, জানোচা লেঠাত পৰিব লাগে; দহ জনক কোনো এটা ৰাজহুৱা কাম কৰিবলৈ পোনতে তেৱেঁই আগেয়ে কৈ নুফুৰিছিল, জানোচা নিজে সেই লেঠাত পৰিব লাগে ইত্যাদি। বৰা ডাঙ্গৰীয়া এজন শান্তিপ্ৰিয় লোক আছিল। নীৰবে নিজৰ কাম কৰি যথাশক্তি যি কৰিব পাৰিছিল তাতে সন্তুষ্ট আছিল। তেওঁ অমুকটো কৰিব লাগে বা সেইটো মই কৰিছোঁ বুলি নিজৰ ডঙ্কা নিজে বজাই ফুৰা বিধৰ লোক নাছিল। মানুহক টকা ধাৰলৈ নিদিছিল বুলিও সময়মতে উপযুক্ত বিবেচনা কৰিলে মানুহক এককালীন দান দি সহায় কৰাৰ কথা আমাৰ বহুত জনা আছে। ইফালে কেইবাজন ছাত্ৰকো তেওঁ সহায় কৰি পঢ়ুৱাইছিল। তেওঁৰ অৰ্থ সাহায্যেৰে উচ্চ শিক্ষা পাই গৱৰ্ণমেণ্টৰ উচ্চপদস্থ কৰ্মচাৰী হোৱা লোক এতিয়াও আছে। তেওঁ নিজে ধাৰলৈ টকা নিবিচাৰিছিল আৰু আনকো ধাৰলৈ দিবলৈ ইচ্ছা নকৰিছিল। কিয়নো তেওঁ ভাবিছিল যে, মানুহেৰে সৈতে টকাৰ লেন্‌দেন্‌ কৰিলে অনাহকত মনান্তৰ ঘটে। লেঠা বা জঞ্জাল সহিব নুখুজিছিল, যদিও ৰাজহুৱা কাম কৰিবলৈ তেওঁ কেতিয়াও পিছ পৰা নাছিল। তেওঁ অসমীয়া ভাষা উন্নতি-সাধিনী সভাৰ সম্পাদক হৈ কেইবা