পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
স্বৰ্গীয় সত্যনাথ বৰাৰ


ভাৱে সুকলমে এই ঘৰটিতে থাকিব পাৰিছিল। এই ঘৰটিৰ এচুকত এটি আলমাৰীত সত্যনাথৰ আইনৰ কিতাপ আৰু তেওঁৰ মোকৰ্দ্দমাৰ নথীপত্ৰ থাকে। এই ঘৰটোত এখন ডাঙ্গৰ চাৰিকুনীয়া মেজ, কাষতে এখন ডাঙ্গৰ চালপিৰা আৰু দুখন আওজা বেঞ্চ। এই বোৰত বাদে ঘৰৰ চালে বাৰে আৰু আন একো বস্তু নাই। ইয়াত সোমালে চকুত চাত মাৰি ধৰা চকচকীয়া আয়না বা পেনেল আলমাৰীৰ দৃশ্য নাই, ইংৰাজী ফেচনৰ বিবিধ চকি মেজ নাই, মনপ্ৰাণহৰা ৰমকজমক ছবিয়ো নাই। মাত্ৰ উকীল সত্যনাথৰ উকীলখানা। সত্যনাথৰ বাৰীপতা ধাউতি একেবাৰে নোহোৱা নাছিল। পোনতে তেওঁ যি ডোখৰ মাটি লৈছিল, তাত দুজোপা কি এজোপা পুৰণি গছৰ বাহিৰে আন একো গছগছনি নাছিল। সত্যনাথে তাত অলপ দিনব ভিতৰতে নাৰিকল, তামোল, লেচু, কৰ্দ্দৈ, কল আৰু আন আন শস্যেৰে চনবাৰীখন নদন-বদন কৰিছিল।

 গৃহস্থ স্বৰূপে সত্যনাথ এজন সূচক লোক আছিল। সংসাৰত ন্যায্য উপায়ে যি অৰ্থ উপাৰ্জ্জন কৰিছিল, তাৰেই তেওঁ নিজৰ সংসাৰাত্ৰা চলাই সুকলমে থাকিবলৈ যত্ন কৰিছিল। অৰ্থ ভগনত তেওঁ সদাই সতৰ্ক আছিল। গৃহস্থ হৈ তেওঁ সুন্দৰকৈ জানিছিল যে, ভগনত হাত টান হলে যেনেকৈ কৃপণ নাম পায়, ওচমোচ নিবিচাৰি সৰহকৈ খৰ কৰিলেও তেনেকৈ ধোৱাঁ-খুলীয়া নাম পায়। “কৃপণৰ মতে