বাবু মহেন্দ্ৰমোহন লাহিৰীয়ে কয়, “সত্যনাথ বৰাক মই বহুদিন আগৰে পৰা জানোঁ। সত্যনাথ বৰাই যি বছৰত গৈ কলিকতাৰ প্ৰেচিডেঞ্চি কলেজত ভৰ্ত্তি হৈ প্ৰথম বাৰ্ষিকত নাম লগায়, ময়ো সেই বছৰতে নগাৱঁৰপৰা এন্ট্ৰেঞ্চ পাচ কৰি গৈ কলিকতাত পঢ়োতে আসামৰ পৰা সত্যনাথ বৰা নামেৰে এজন লৰা আহিছে বুলি শুনি প্ৰেচিডেঞ্চি কলেজত প্ৰথমেই মোৰ লগত তেওঁৰ চিনাকী হয়। আমি তেওঁৰে সৈতে একেসময়তে আহি ওকালতিও আৰম্ভ কৰোঁ। আমি তেওঁৰ প্ৰকৃতি সুন্দৰকৈ জানোঁ। আমি প্ৰথমে উকীলবিলাকে প্ৰায় লগ লাগি ঠায়ে ঠায়ে ঘনাই picnic বা বনভোজ খাই ফুৰিছিলো। সত্যনাথ বৰাও আমাৰ লগত আছিল। এবেলি এঠাইত ভোজ খাই নাৱেঁৰে আহোঁতে আহোঁতে ৰাতি পুৱাই গৈছিল। সত্যনাথ বৰাহঁতে চকুৰ চিপ নমৰাকৈ নাৱত মেল পাতি আহিছিল, মোৰহে মাজে মাজে চকু লাগিছিল। সত্যনাথ বৰাৰ লগত আমি কেইবাটাও মোকৰ্দ্দমাত একেলগে মোকৰ্দ্দমা চলাইছোঁ। তেওঁ আমাকে প্ৰায় সকলোবোৰ চলাবলৈ এৰি দিয়ে, কেতিয়াও আমাৰ কথাত হকা বধা নজন্মায়। তেওঁ ভদ্ৰৰো ভদ্ৰ অতি ভদ্ৰ আছিল। কলিকতাত পঢ়া অৱস্থাত আৰু পিছৰ ডোখৰত তেওঁ ৰাগিয়াল বস্তু সেৱন কৰাৰ কথা আমাৰ কাণত নপৰাকৈ থকা নাই। কিন্তু গুৱহাটীত আহি তেওঁ সেই বিষয় এনেকৈ সংযত হল যে, আজি সেই কথা কবলৈ
পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১৩৪
অৱয়ব