পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২১
জীৱন-চৰিত।


গলে মানুহে প্ৰত্যয় কৰিবই নুখুজিব। তেওঁৰ মনৰ বল দৃঢ় আছিল। তেওঁ profession ত সদাই honourable আছিল, কেতিয়াও কোনো অৱস্থাতে meannessৰ আশ্ৰয় নলৈছিল। মিছা মোকৰ্দ্দমাত কিম্বা কোনো পক্ষক কুপৰামৰ্শ দিয়াত সত্যনাথ সদাই বিৰত আছিল, তেওঁ ন্যায়ভাবে সৎপথ অৱলম্বন কৰি পৰিশ্ৰম কৰি যি পাৰিশ্ৰমিক পাইছিল তাৰেই সন্তুষ্ট আছিল, তেওঁ কেতিয়াও লেঠা বা হেঙ্গাম ভাল নাপাইছিল। লেঠাৰ ভিতৰত সোমাব লাগিব বুলি বহুত কথাত তেওঁ আঁতৰি ফুৰিছিল। সত্যনাথে অলাগতিয়াল লেঠাত সোমাব নোখোজে দেখি এবেলি আমি ধেমালিৰ চলেৰে তেওঁক বৰ জব্দ কৰিছিলোঁ। সেই কথা মনত পৰিলে আমাৰ এতিয়াও হাঁহি উঠে। আমি তেতিয়া ডেকা উকীল, এতিয়াৰ দৰে দাৰি চুলি পকা বুঢ়া নহও। সত্যনাথক কলো, “আমাৰ লগত picnic খাই ফুৰা আমাক এবেলি নুখুৱা কিয়”? “খোৱা যদি খোৱাঁ মই সেইবোৰ যোগাৰ কৰিব নোৱাৰোঁ” তেওঁ এই বুলি কলে। এতিয়া দেখিলোঁ যে, তেওঁ লেঠাৰ ভয়ত আমাক নুখুৱায়। পিছত আমি আটাইবোৰ উকীল তেওঁক নজনোৱাকৈ যুক্তি কৰিলোঁ। জিৰ ৰায় বাহাদুৰ কণকলাল বৰুৱাও তেতিয়া আমাৰ লগতে উকীল আছিল। আমি কৰিলোঁ কি আটাইবোৰ উকীলক কলোঁ যে, কালিলৈ দেওবাৰে গধূলি সত্যনাথ বৰাই ভোজ পাতি তেওঁৰ ভৰলুমুখৰ ঘৰত খাবলৈ নিমন্ত্ৰণ কৰিছে।