পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮১
জীৱন-চৰিত।


 কেন্দ্ৰ সভা পুথিৰ ছয় ঋতু প্ৰবন্ধত শাৰীৰিক ঋতুব ক্ৰমবোৰ পঢ়ি কোন পাঠকে “হাস্য সম্বৰণ” কৰিব পাৰে? শৰীৰৰ সৰ্ব্বপ্ৰথমে বৰ্ষাঋতু। কেচুৱা কালত মানুহে দিনটোৰ ভিতৰত এক কম একুৰিবাৰ ক্ষুদ্ৰশৌচ বা বৰশৌচ কৰি লেতেৰা হৈ থাকে। বৰ্ষাত মেঘৰ ঢেৰেকনি আছে, সেইদৰে কেচুৱাতে চেৰেঙ্গা কাণত তাল মৰা কান্দোন আছে। বৰ্ষাত নেৰা-নেপেৰা কেনকেনীয়া বৰষুণ, কেচুৱায়ো শাওন মাহৰ বৰষুণৰ নিচিনা সৰু সূতা কাটা যেন কুন-কুন, মুন–মুন কৰি কান্দি থাকে। পৃথিবীত বৰ্ষাৰ অধিকাৰ দুমাহ মাথোন কিন্তু শৰীৰত অনেক দিন। বৰ্ষা উকলি গলে শৰীৰত গ্ৰীষ্ম পৰে, অৰ্থাৎ লৰাই ফুকলীয়া অৱস্থা এৰাই চেমনীয়া হলে তাৰ তেতিয়া গ্ৰীষ্মকাল হয়। গ্ৰীষ্মকালৰ জহত মানুহে যেনে ছট্ফ‌টাই থাকে, চেমনীয়া লৰাও তেনে ছট্ফ‌টীয়া হয়। সি এক্ষন্তক শাঁত হৈ থাকিব নোৱাৰে, পোক লগা গৰুৰ নিচিনা ধৰফৰাই ফুৰে। চিঞৰি, চেকুৰি, জপিয়াই নিজে নিজে সি হাৰাশাস্তি হয়। গ্ৰীষ্ম ঋতুৰ ৰদ চোকা হয় আৰু ছাতি বা জাপি নোলোৱাকৈ কলৈকো যাব নোৱাৰি, চেমনীয়া লৰাকো লগৰীয়াৰূপী জাপি লগত নিদিয়াকৈ কলৈকো এৰি দিব নোৱাৰি। যৌবন জীৱনৰ বসন্তকাল, এই কালত পৃথিবী যেনে ফুলে পাতে জাতি- স্কাৰ হয়, মানুহৰ শৰীৰো সেইদৰে জাতিস্কাৰ হয়। বসন্তত

কাঁইটীয়া বননিও শুৱনী হয়, তিনিশ বাৰে কুৰি খোৰোং থকা,