এই প্ৰৱন্ধ কেইটি গোট কৰি মৃতকৰ পুত্ৰ অম্বিকানাথ বৰাই
১৯২৪ খৃষ্টাব্দত এই কিতাপ প্ৰকাশ কৰে। প্ৰকাশকে
কৈছে, “কুৰি বছৰ আগেয়ে কেন্দ্ৰ-সভাৰ কথা নজনা লোক
অসমত নাছিল। “জোনাকীত” যেতিয়া কেন্দ্ৰ-সভাৰ
অধিবেশনৰ বিৱৰণ প্ৰকাশ হবলৈ ধৰে তেতিয়া কেন্দ্ৰ-সভাৰ
বক্তৃতা, কেন্দ্ৰ-সভাৰ আলোচনা, অসমীয়া মানুহৰ মুখে মুখে
হৈছিল।” কেন্দ্ৰ-সভা পুথিৰ প্ৰথম ভাগত অসমীয়া ন
বোৱাৰী, অসমত স্ত্ৰীশিক্ষা, অসমৰ জন-সংখ্যা, কিমাশ্চৰ্য্যমতঃ-
পৰম্ ইত্যাদি বিষয়ৰ বক্তৃতা আছে। দ্বিতীয় ভাগত
খ্যাতিমতী বুঢ়ী, সুখৰ আৰ্হি, জীৱনৰ ছয় ঋতু, ভকতীয়া
ব্যাকৰণ, নতুন বছৰ, বিদ্যাধৰ বৰ কাকতিৰ ফাকুৱা,
বৰদৈচিলাৰ উপাখ্যান এই কেইটি ধেমেলীয়া উপাখ্যান
আছে। সত্যনাথ বৰাই নিয়ম বান্ধি গহীন ভাবে চলা
লক্ষণ দেখি বহুতৰ ধাৰণা আছিল যে, বৰা ডাঙ্গৰীয়াত
ধেমেলীয়া কথা বা ৰসাল কথাৰ ঠাই নাই। তেওঁ ৰস
বিহীন বা ধেমেলীয়া কথা উপভোগ কৰা আনন্দবিৰহিত পুৰুষ
আছিল। কিন্তু কেন্দ্ৰ-সভা পুথিৰ প্ৰৱন্ধবোৰ পাঠ কৰিলে
সেই ধাৰণা একেবাৰে অমূলক বুলি বিশ্বাস হয়। এনে
কোনো পাঠক নাই যে, কেন্দ্ৰ-সভাৰ বক্তৃতাবোৰ পাঠ কৰি
কিম্বা ধেমেলীয়া উপন্যাসবোৰত চকু ফুৰাই নেহাঁহোঁ বুলি
কৃতসংকল্প হলেও নহঁহাঁকৈ থাকিব পাৰে।
কেন্দ্ৰ-সভা এখন কাল্পনিক সভা। ইয়াৰ ৰীতি-নীতি