পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
স্বৰ্গীয় সত্যনাথ বৰাৰ


পাঠ্য পুথিৰূপে ব্যৱহাৰ হৈ আছে, কলিকতা বিশ্ববিদ্যালয়ৰ মেত্ৰিকুলেচন পৰীক্ষাতো পাঠ্য পুথিৰূপে ব্যৱহাৰ হৈছে। সাৰথিৰ ভাষাই পঢ়োতা আৰু লিখোঁতাৰ ওপৰত যথেষ্ট প্ৰভাৱ চলাইছে। ইয়াৰ কেতবোৰ বাক্য অসমীয়া লিখাৰুৰ ৰচনাত স্বভাৱতে ব্যৱহাৰ হব ধৰিছে, কেতবোৰ এনে ছুটি আৰু ভাবপূৰ্ণ বাক্য আছে যে, সেইবোৰ আজিকালি অসমীয়াতে চলিত বচন যেন হৈছে। তলত কেইটিমান তুলি দিয়াৰ লোভ সামৰিব নোৱাৰিলোঁ। “সংসাৰ একা চেকা ঠাই, একে উচালে জগতত কোনোৱ উদ্গতি কৰিব নোৱাৰে, শ্ৰম কুচিন্তাৰ পৰম ঔষধ, উদ্গতিৰ মোহন মন্দিৰ, পুথিৰ প্ৰধান বিশ্ব, ন্যায়ৱন্ত মানুহ তৰ্জ্জুৰ নিচিনা, সংসাৰ বহুৰূপী ইত্যাদি।” অসমীয়া সাহিত্যৰ বুৰঞ্জী লিখকে কয় যে, “সাৰথিৰ নিচিনা নিখুঁত অসমীয়া আৰু ওখ ভাবৰ পুথি আমাৰ জীৱন-যুদ্ধৰ সাৰথি”। শ্ৰযুত শৰৎচন্দ্ৰ গোস্বামী দেৱে কয় যে, “ইংৰাজী সাহিত্যৰ এডিচনৰ (Spectator) স্পেক্টেটৰৰ দৰে সত্যনাথৰ সাৰথিও চিৰকাল অসমীয়া সাহিত্যৰ আদৰৰ বস্তু হৈ থাকিব”।