পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯১
জীৱন-চৰিত।


স্বৰ্গীয় হেমচন্দ্ৰ বৰুৱাৰ অনুসৰণ কৰি আমিও কথাটো বাক্যবিস্যাসৰ অধ্যায়ত উনুকিয়াই থলোঁ।”

 “ণত্ব বিধিৰ ভিতৰতো এনেকুৱা অসঙ্গত কথা পোৱা যায়। ঋ, ৰ আৰু য-ৰ পাচত ণ মূৰ্দ্ধণ্য হয়। এইটো সংস্কৃত ব্যাকৰণৰ বিধি অসমীয়া ব্যাকৰণত গ্ৰহণ কৰা হৈছে। কিন্তু সেই তিনি আখৰ আৰু ন-ৰ মাজত ক বৰ্গ পবৰ্গৰ আখৰ বা য ব হ থাকিলেও ন মূৰ্দ্ধ্যণ্য হয়। ইও সংস্কৃত ব্যাকৰণৰ বিধি, কিন্তু এই বিধি আসমীয়া ব্যাকৰণত গ্ৰহণ কৰা হোৱা নাই; কিয় হোৱা নাই তাৰ কাৰণ পোৱা নাযায়। আৰু স্ত্ৰী প্ৰত্যয়ৰনি কেতিয়াও মূৰ্দ্ধণ্য নহয়, কিয় নহয়, কাৰণ পোৱা নাযায়। কিন্তু আগত কোৱা কাৰণেই এই অসঙ্গত কথাও বহল ব্যাকৰণত গ্ৰহণ কৰা হৈছে।” কিন্তু আজি- কালি কিছুমান ন লিখৰুৱে গাৰ বলেৰে ব্যাকৰণত কি সাহেৰে পৰিবৰ্ত্তন ঘটাব খোজে!—সেই কথা ভাবিলে ভয় লগা!

 ৺বৰা ডাঙ্গৰীয়াই কয় যে, “ব্যাকৰণ প্ৰণয়ন কৰা এটা টান কাম। ই হাতী মাৰি ভূৰুকাত ভাৰোৱা কাম। এটা দীঘল ডাঙ্গৰ ভাষাক তাৰ ডাল পাত সমন্বিতে এটা এশ বা ডেৰশ পতীয়া ব্যাকৰণত ভৰাব লাগে |” এই দুষ্কৰ কাম নিৰ্ভুলভাবে প্ৰথমবাৰেই সম্পন্ন হব বুলি ৰচয়িতাই পেটে পেটে আশঙ্কা কৰিছিল। আমি কব খোজো যে, বৰা ডাঙ্গৰীয়াৰ এই কাম প্ৰকৃততে নিৰ্ভুল হৈছে আৰু এনে গুৰুতৰ কাম তেখেতত বাজে আনে কিমান দূৰ সুচাৰুৰূপে