পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
স্বৰ্গীয় সত্যনাথ বৰাৰ

বৰাই এনে সুকলমে সুখ্যাতিৰে সংসাৰযাত্ৰা নিৰ্ব্বাহ কৰিলে যে, সেই বিষয় ভাবিলে সত্যনাথক অসমীয়াৰ এজন খ্যাতিমন্ত কৃতী আদৰ্শ পুৰুষ বুলিবলৈ কোনো অসমীয়াই সঙ্কোচ কৰিব নোৱাৰে, অসমীয়া সাহিত্যৰ অৰ্থে কৰা তেখেতৰ এদনীয়া দানৰ সাৰ্থকতা কোনোৱে নুই কৰিব নোৱাৰে আৰু অসমীয়া সাহিত্যৰ প্ৰতি সত্যনাথৰ আন্তৰৰ আগ্ৰহ, উৎসাহ, আৰু একনিষ্ঠ আজীৱন সেৱাক অসম সন্তানে অস্বীকাৰ কৰিব নোৱাৰে।