পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
স্বৰ্গীয় সত্যনাথ বৰাৰ

শুনিবলৈ বা গাবলৈ ভাল নেপায়।” সেইবাবে বঙলা গীতৰ সুৰেৰে ২৮টা অসমীয়া গীত ৰচনা কৰি তাত নিজৰ নাম নিদি “এজন অসমীয়াৰ দ্বাৰাই প্ৰণীত” বুলি কলিকতাত ছপা কৰি দি ৺ সত্যনাথ বৰাই ১৮৮২ খৃষ্টাব্দত বৃটিচ আমোলত অসমীয়া গীতৰ সৰ্ব্বপ্ৰথম কিতাপ প্ৰকাশ কৰে। এই ২৮টা গীতৰ সৰহ ভাগেই প্ৰণয় বিষয়ক।

 ইয়াৰ পিচত কামৰূপীয়া গীত নামেৰে আৰু এখন সৰু কিতাপ প্ৰকাশিত হয়। এই কিতাপ দুখনৰ গীতবোৰ তেতিয়া বৰ চলতি হৈছিল, “হায়ৰে মোৰ কাপাল খান্‌ বল্লাভাত কিমান খাম” “মজাচে পেটুৱা পেট ভৰি খ আলুভজা খাব মজা পকা খৰিচা” “শুনচাহনা আপীগিলা খাজনা বাবেইছি দিবা নল্লি নিবোক ধৰি প্যাদা লগেই দি”— ইত্যাদি কেতবোৰ গীতৰ বাক্য মানুহৰ মুখে মুখে হৈছিল। এই কিতাপৰ প্ৰায় আটাইবোৰ গীত অসমীয়াৰ সঙ্গীতবিদ্যা- বিশাৰদ ৺লক্ষীৰাম বৰুৱাৰ দ্বাৰা সম্পাদিত সঙ্গীত কোষত ঠাই পাইছে। অসমীয়া সঙ্গীত পুথিৰ আকাৰে ছপা কৰা উদ্যম এয়ে প্ৰথম। অসমীয়া ভাষাৰ কেইবাখনো কিতাপৰ গ্ৰন্থকাৰ, বিশেষকৈ এই ভাষাৰ অমূল্য গ্ৰন্থ “অসমীয়া খণ্ড বাক্যৰ” বিখ্যাত ৰচয়িতা আৰু ধুবৰীত বহা ১৯২৬ খৃষ্টাব্দৰ আসাম-সাহিত্য-সম্মিলনৰ চিৰস্মৰণীয় নৱম অধিবেশনৰ সভাপতি শ্ৰীযুত বেণুধৰ ৰাজখোৱাই কয় যে, “৺সত্যনাথ বৰাক বৃটিচ যুগত অসমীয়া গীতৰ প্ৰথম প্ৰবৰ্ত্তক বা অসমীয়া