পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
স্বৰ্গীয় সত্যনাথ বৰাৰ


লক্ষণ আদি গণনা কৰি এই পুত্ৰৰপৰা বংশ উজ্জ্বল হব আৰু পুত্ৰ দীৰ্ঘজীৱি হব বুলি শুনি পিতৃ-মাতৃ উভয়ৰে অপাৰ আনন্দ হল। সন্তান জন্ম পালে হিন্দুৱে ব্ৰাহ্মণ-সজ্জনক দান-দক্ষিণা দিয়ে। দয়ানাথেও এই নিয়মানুবৰ্ত্তী হৈ দুঃখিতভাৱে পুত্ৰৰ জন্মত দেশৰ এই আচাৰ অতি আগ্ৰহে পালন কৰিলে। অসমীয়াৰ ভবিষ্যত প্ৰবীণ সাহিত্যিক সত্যনাথ বৰাই আঠীয়া কল চচা আৰু লুথুৰি খাই ( আজিকালিৰ চাগু বালি Virol বা গ্লাক্সো নহয়) দিনে দিনে বাঢ়ি আহিবলৈ ধৰিলে। কিন্তু পুত্ৰৰ ৬।৭ বছৰ হওঁতেই মাতৃৰ মৃত্যু হয় আৰু এই ঘটনাৰ দু বছৰৰ পিছত পিতৃ দয়ানাথ বৰবৰায়ো ইহলীলা সম্বৰণ কৰে। ঘৰখনত কেৱল বাকী ৰল গুৱাহাটীৰ মজিন্দাৰ বৰুৱাৰ জীয়াৰী একমাত্ৰ বুঢ়ীমাক সূৰ্য্যা বৰবৰাণী আৰু ৯ বছৰীয়া সত্যনাথ আৰু তেওঁৰ ৪ বছৰীয়া ভনীয়েক হেমকান্তি। এইদৰে পিতৃ- মাতৃয়ে সত্যনাথক দলনিত পোনা মেলি গল।

 হলিৰাম আঁঠগঞা বৰাৰ ঠালৰ সোণাৰাম বৰা এজন আঢ্যৱন্ত লোক আছিল। সোণাৰাম বৰাই কছাৰিতে পেস্কাৰ কাম কৰিছিল। মানুহে তেওঁক সোণাৰাম পেস্কাৰ নামেৰেহে বেছিকৈ চিনি পায়। কছাৰিত পেস্কাৰ কামত বাজেও তেওঁৰ ধন ঘটাৰ বহুত উপায় আছিল। মাটিবাৰি বয়-বস্তুৰে যোত্ৰৱন্ত আছিল। তেওঁ আগেয়ে মহাপুৰুষীয়া আছিল; কিন্তু গুৱাহাটীৰ ৺কালীকুমাৰ বৰুৱাৰ পৰা মন্ত্ৰ লৈ শাক্ত হয়। আৰু তেতিয়াৰেপৰা শক্তিৰ উপাসক হয়। কামৰূপৰ