পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
জীৱন-চৰিত।


চেগ বুজি কলিকতাৰ ওচৰৰ বঙ্গদেশৰ কেইবাখনো নগৰ চাই আহিছিল গৈ। যেতিয়া তেওঁ পাচ কৰি গুৱাহাটীত উকিল হৈ নিজে আৰ্জ্জিবলৈ ধৰিলে তেতিয়া ডেকা দোখৰত প্ৰত্যেক পূজাৰ ছুটিতে দেশ ফুৰিবলৈ গৈছিল। তেওঁ পশ্চিম ভাৰতৰ মুঙ্গেৰ, কাশী, গয়া, প্ৰয়াগ, কাওনপুৰ, লাখ্নৌ‌, আগ্ৰা, মথুৰা, বৃন্দাবন, অযোধ্যা, ফটেহপুৰ, দিল্লি আদি হৰিদ্বাৰলৈকে এটাই কেইখন ডাঙৰ নগৰ আৰু হিন্দুৰ তীৰ্থ ঠাই দুবাৰো চাই আহিছিল। কাশীত তেওঁৰ দদায়েক বাসকৰি থকাত মাজে মাজে সময় বুজি কাশীলৈ গৈছিল। ১৯১৯ চনত তেওঁ পুৰীলৈ যায়, এইবাৰ তেওঁৰ লগত গুৱাহাটীৰ শ্ৰীযুত ভোলানাথ দাসো গৈছিল। ১৯২২ চনত তেওঁ মাদ্ৰাজ আৰু ওৱালটায়াৰলৈ যায় এইবাৰ যোৰ- হাটৰ শ্ৰীযুত কাশীনাথ শয়কীয়াও তেওঁৰ লগৰীয়া আছিল। তেওঁ সাৰথিত ভ্ৰমণ কেনেকৈ কৰিব লাগে, লগত কিমান মানুহ লোৱা উচিত, কিদৰে দেশ চাব লাগে ইত্যাদি কথা তেওঁৰ নিজৰ অভিজ্ঞতাৰ পৰাই লিখিছে। আসাম বেঙ্গল ৰেলৰ লাইন হোৱাৰ আগেয়ে তেওঁ গোটেইখন আসাম উজনিৰ পৰা নামনিলৈকে ফুৰিছে। প্ৰত্যেকখন নগৰতে দুই চাৰিদিনকৈ থাকোতে প্ৰায় এমাহ লাগিছিল। উজনি- খণ্ডত ফুৰোঁতে তেওঁৰ লগৰীয়া আছিল তেওঁৰ কলিকতাৰ ছাত্ৰ-জীৱনৰ বন্ধু শিৱসাগৰৰ উকিল শ্ৰীযুত গুঞ্জানন বৰুৱা

বি-এল।