পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৪
স্বৰ্গীয় সত্যনাথ বৰাৰ

ক্ৰমে তেওঁ কলে যে তেওঁৰ ব্যাকৰণ এখন লিখা প্ৰায় অন্ত হৈছে। মই ব্যাকৰণ খন চাবলৈ বৰকৈ আগ্ৰহ প্ৰকাশ কৰাত দেখুৱালে। তেতিয়া অসমীয়া খণ্ডবাক্য ( Idiom )ৰ অধ্যায় লিখা হোৱা নাই; আৰম্ভ কৰা হৈছে মাত্ৰ।

 সেই কিতাপ ছপাবলৈ কোৱাত, তেতিয়া কলে যে, ব্যাকৰণ খনি তেতিয়াও সৰ্বাঙ্গ সুন্দৰ হোৱা নাই। তথাপি অভাৱ আৰু আমাৰ আগ্ৰহ চাই কিতাপখনি যিমান সোণকালে পাৰে প্ৰেচলৈ পঠাব। আৰু যদি দ্বিতীয় সংস্কৰণ কৰিবৰ সময় পায়, তেতিয়া তাক পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। বিধাতাই অৱশ্যে সেই সময় নিদিলে।

 নিখুঁত অসমীয়া ভাষা লিখা বৰা ডাঙ্গৰীয়াৰ এটা প্ৰধান লক্ষ্য আছিল। আন কি এই বিষয়ত তেওঁ ইমান স্থিৰ আছিল, আৰু অসমীয়া শব্দ বা লিখাৰ ঠাঁচ এৰি লিখা দেখিলে ইমান বেজাৰ পাইছিল যে, অনেকে তেওঁক অতিপাত “নিকাপন্থীয়া” (puritan) বুলি ভাৱ কৰিছিল। কিন্তু অসমীয়া সাহিত্যই এই কথা পাহৰিব নোৱাৰে যে, তেওঁৰ প্ৰভাৱ নোহাৱা হলে, অসমীয়া বাক্যৰ ঠাঁচ আৰু বেচি পৰিমাণে বিজাতৰীয়া হলহেঁতেন।

 পাছলৈ বৰা ডাঙ্গৰীয়াৰ লগত মই বহুতো চিঠি পত্ৰ ব্যৱহাৰ কৰিছিলোঁ। তাৰ কিছুমান সাহিত্য সভাৰ সম্পৰ্কীয়, কিছুমান নিজা। এইবিলাক প্ৰায়েই নানাবিধ সাহিত্য কথা আৰু অসমীয়া সাহিত্যৰ উন্নতিৰ অৰ্থে সজ উপদেশেবে