পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৫
জীৱন-চৰিত।

সেই পুথিত লিখি দিলে। ফলতঃ তেওঁৰ সুৱলা কাপ পৰা ‘গীতাৱলী’ পুথি পালোহঁক। এই পুথিত যিবিলাক গীত আছে, সেইবিলাক নিচেই উজু ভাষাৰে শুৱলাকৈ লিখা হৈছিল। আমি বুকু ডাঠি কব পাৰো, মূল বঙ্গলুৱা গীততকৈও এইবিলাক অসমীয়া গীত বহুগুণে সুন্দৰ হৈছিল। এই পুথিৰ আবিৰ্ভাৱৰ কালৰ পৰা বৰ্ত্তমান অসমীয়া গীতিযুগৰ আৰম্ভ বুলি কলেও বঢ়াই কোৱা নহব। বৰা ডাঙ্গৰীয়াকে বৰ্ত্তমান অসমীয়া গীতৰ জন্মদাতা বুলিব লাগে। তাৰ আগেয়ে অসমীয়া গীতৰ বিষয়ে কথা ওলালে অসমীয়া মানুহেই ইতিকিং কৰিছিল। অসমীয়া শব্দেৰে শুৱলা গীত ৰচিব পাৰি বুলি, তাৰ আগেয়ে কাৰো বিশ্বাস নাছিল। ভাল সাহিত্য ৰচনাত যি যি উপাদান লাগে, বৰা ডাঙ্গৰীয়াৰ ‘সাহিত্য বিচাৰত’ তাৰ সুন্দৰ আলোচনা আছে। বৰা ডাঙ্গ- ৰীয়াই ‘বহল ব্যাকৰণ’ লিখি অসমীয়া ভাষা আৰু সাহিত্যৰ এটি ডাঙ্গৰ অভাৱ পূৰ কৰিলে। বৰা ডাঙ্গৰীয়াৰ হাতৰ পৰা যিবিলাক প্ৰৱন্ধাৱলী মাজে মাজে ওলাইছিল, সেই, বিলাকৰ পৰা জানিব পাৰি যে, তেওঁ এজন ওখ ধৰণৰ সাহিত্যিক আছিল। তেওঁ বাৰে বঙ্গলুৱা শব্দ ব্যৱহাৰ নকৰি- ছিল। তেওঁ ‘সাৰথি’ নামেৰে যি খনি বিতোপন পুথি লিখিলে সেই পুথিৰ দ্বাৰাই তেওঁৰ ভাষাৰ ঠগ কেনেকুৱা আছিল বুজিব পৰা যায়। ভাল অসমীয়া শব্দ থাকিলে,তাৰ সলনি তেওঁ ধাৰে অনা শব্দ কোনো কালে ব্যৱহাৰ নকৰিছিল।”