পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
স্বৰ্গীয় সত্যনাথ বৰাৰ

আৰু মই দুয়ো উত্তীৰ্ণ হৈ পুনৰ বি-এল পৰীক্ষা দিবলৈ কলিকতাত থাকি দুই বছৰ লেকচাৰ শুনিবলৈ ধৰিলোঁ। দুবছৰ অতীত হোৱাৰ পাচত বি-এল পৰীক্ষাতো উভয়ে ফেল হলোহঁক। আমালোকে অসমীয়া ছাত্ৰবৃন্দ ১৮৮৬ চনৰ বি-এ পৰীক্ষাত ৬ কি ৭ জন একেবাৰে পাচ হৈছিলোঁ- হক। তেতিয়া আসাম গৱৰ্ণমেণ্টে আটাই কেইজনক এক বছৰলৈ মাহেকত ৫০্‌ কি ৬০্‌ টকা দৰমহাত যেই সেই জিলাৰ অফিচত কাম শিকি পাচত Provincial Serviceত ভৰ্ত্তি কৰিব বুলি আশা দি প্ৰত্যেক গ্ৰেজুয়েটলৈ একোখন চিঠি দিছিলে। কিন্তু দুৰ্ভাগ্য বা সৌভাগ্যবশতঃ কোনো এজনে সেই কামত সোমাবলৈ মন নকৰি চিঠিৰ জবাবত “কাম নকৰোঁ” বুলি উত্তৰ দিলে। ইয়াৰ ভিতৰৰ ৺সত্যনাথ বৰাও এজন আছিল। বি-এ পঢ়োঁতে কলিকতাৰ অসমীয়া ছাত্ৰবৃন্দই “Assamese Students Literary Club” নামেৰে এখন সভা স্থাপন কৰে। সেই সভাত সকলো অসমীয়াই যোগ দি কিছু ৰচনা পাঠ আৰু লেক্চা‌ৰ আদি দি ইংৰাজীৰে কথাবাৰ্ত্তা কৰিবলৈ শিক্ষা কৰিছিল। এই সভাৰ প্ৰধান এজন সভ্য আছিল ৺সত্যনাথ বৰা। তেওঁ এই সভাতে ইংৰাজীৰে বাদানুবাদ কৰি আৰু লেক্চাৰ দি ইংৰাজী কথাৰ অভ্যাস কৰিছিল, আৰু এই সভাতে তেওঁ ইংৰাজী ভাষাত লেক্চাৰ দি পৈণত হৈছিল।

 ১৮৮৬ চনত যেতিয়া কেবাজনো অসমীয়া ছাত্ৰই বি-এ