পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯২
স্বর্গীয় সত্যনাথ বৰাৰ


কৰিব পাৰিলেহেঁতেন, সেই বিষয় বোধ কৰো সকলোৰে সন্দেহ আছে। বৰা ডাঙ্গৰীয়াৰ বহল ব্যাকৰণ অসমীয়া লিখক মাত্ৰৰে এখন Reference কিতাপ হৈছে। ই প্ৰচলিত অশুদ্ধ বাক্যৰ শুদ্ধ ভাঙ্গনি শিকাইছে; অসমীয়া খণ্ড বাক্যৰ বা জতুৱা ঠাঁচবোৰৰ প্ৰচলন কৰাইছে; পৰদেশী লোকক অসমীয়া ভাষাৰ বিশেষত্ব বুজাই দিছে আৰু অসমীয়া ভাষাৰ ব্যাকৰণ যে সংস্কৃত ভাষাৰ আৰ্হিত নহয় তাৰ সম্ভেদ দিছে; তদুপৰি অসমীয়া সাহিত্যৰ খ্যাতনামা অধিনায়ক হেমচন্দ্ৰ বৰুৱাই ভুলে চুকে যিবোৰ কথা আলোচনা নকৰাকৈ এৰি গৈছিল সেইবোৰৰো আলোচনা বৰাদেৱৰ বহল ব্যাকৰণে প্ৰচাৰ কৰি অসমীয়া ভাষাৰ আৰু অসমীয়া জাতিৰ স্বতন্ত্ৰতাৰ অকাট্য প্ৰমাণ দিছে।


চিন্তাকলি।

 চিন্তাকলি পুথি এতিয়াও প্ৰকাশিত হোৱা নাই। ইয়াক লিখকে যুগুত কৰি থৈয়েই চিৰ শান্তিধাম লাভ কৰিলে। “বাহী” আৰু “জোনাকী”ত প্ৰকাশিত তলত দিয়া গধুৰ বিষয়ক প্ৰবন্ধ কেইটিয়েই সাহিত্যৰূপী গছ জুপিত কলি পেলাইছিল। সুমৰণ, শান্তময়-দুষ্টময়, জীৱনৰ শান্তি- পৰ্ব্ব, শৰীৰৰ ছয়ঋতু, সংসাৰ, প্ৰবাহ, মানৱ মহত্ত্ব, জীৱনৰ অমীয়া, জ্ঞানৰ আহুকাল। জীৱনৰ শান্তিপৰ্ব্ব প্ৰবন্ধত