পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৪
স্বৰ্গীয় সত্যনাথ বৰাৰ


নাছিল। এয়ে তেওঁৰ জীৱনৰ বিশেষত্ব আছিল। সকলো সম্প্ৰদায়ৰ মানুহে তেওঁৰ পৰামৰ্শ লৈছিল। মানুহে তেওঁক যেনেকৈ মৰম কৰিছিল তেনেকৈ শ্ৰদ্ধা আৰু ভক্তিও কৰিছিল। তেওঁ সৰবৰহী আৰু স্থিৰবুদ্ধি বুলি বিখ্যাত আছিল। কোনো কাৰ্য্যত তেওঁৰ চঞ্চলতা নাছিল। তেওঁৰ খোজ কাঢ়ন আৰু বাজুৱা ব্যৱহাৰ যেনে গহীন আছিল, ভিতৰুৱা চৰিত্ৰও তেনে গহীন আছিল। দকৈ নভবাকৈ তেওঁ ওপৰে ওপৰে কোনো কথা নকৈছিল। চাৰিও চুক নমৰাকৈ তেওঁ কোনো বিষয়তে মতামত নিদিছিল। বৰা ডাঙ্গৰীয়া দৰাচলতে এজন সাধু পুৰুষ আছিল। অসমীয়া সমাজত তেওঁ যি ঠাই মুকলি বা উদং কৰি গল, সেই ঠাই বোগতে পূৰ হোৱা টান।

 অসমীয়া সাহিত্যত বৰা ডাঙ্গৰীয়াৰ ঠাই ওখত। তেওঁৰ দেশভক্তি অতুলনীয়। অসমীয়া জাতি গঢ়িবৰ নিমিত্তে যি যি আহিলা পাতি লাগে, কলেজত পঢ়া কালৰে পৰা তেওঁ সেইবিলাক বাচিবৰ নিমিত্তে যত্ন কৰিছিল। অসমীয়া মানু- হৰ মুখে মুখে বঙ্গলুৱা গীত শুনি তেওঁ মনত বেজাৰ পাই অসমীয়া গীত ৰচিবলৈ উপায় চিন্তিলে। সৰ্ব্বসাধাৰণৰ মাজত যাতে অসমীয়া গীতত ৰাপ হয়, তাৰ নিমিত্তে তেওঁ এখনি গীতত পুথি লিখিবলৈ মন মেলিলে। যিবিলাক বঙ্গলুৱা গীত অসমীয়া মানুহে গাবলৈ ৰং পাইছিল, তেওঁ সেইবিলাক গীতৰ সুৰত অসমীয়া গীত ৰচিলে। আৰু কোনটো গীত কোনটো বঙ্গলুৱা সুৰেবে গাব লাগে, তাকো