পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৭
জীৱন-চৰিত।

কৰিছিল। কোনো লােক গৱৰ্ণমেণ্টৰ উচ্চ পদস্থ কর্ম্মচাৰী হব পাৰে, কোনােৱে বা পদ্মপতি হৈ ধনৰ দৌল সজাব পাৰে, কিন্তু নিছলা সাহিত্যিকৰ এনে সৌভাগ্যৰ দশা নহলেও সাহিত্য চৰ্চ্চাৰ গুণত সিবিলাকৰ আদৰ যুগে যুগে বাঢ়ি যায়। যি জন সাহিত্যিক, যি তৰপৰ মানুহৰ মাজত জন্মগ্রহণ কৰে সেই তৰপৰ মানুহৰ উন্নতিৰ লগে লগে সাহিত্যিক জনৰো সম্বর্ধনা বাঢ়ি আহে; সাহিত্যিক ভিকহু হলেও জিলিকি থাকে ; সাহিত্যিকে দান কৰি যােৱা গ্ৰন্থবােৰ অধ্যয়ন কৰি কত জন জ্ঞানৱন্ত হয়। এটা জাতিৰ সন্তান-সন্ততিৰ শিক্ষাৰ অৰ্থে আপুৰুগীয়া জ্ঞানৰ সাহােন এৰি থৈ যাব পৰাটো কম গৌৰৱৰ কথা নহয়। অসমীয়া ভাষাৰ আদি অৱস্থাত কেনে ধৰণৰ পুথি ৰচিবৰ প্ৰয়ােজন হল, এই ভাষাৰ উপকৰণবােৰ কিদৰে ব্যৱহাৰ কৰিবৰ আৱশ্যক হল, অসমীয়া জাতুৱা ঠাঁচবােৰ ৰক্ষা কৰি নিভাঁজ অসমীয়া শব্দেৰে লিখা ৰচনাৰ অভাব কেনে বােধ কৰা হল আৰু ভাষাটোক বিজাতৰীয়া নকৰিবৰ অৰ্থে শুদ্ধতা আৰু পবিত্রতা ৰক্ষা কৰি লিখা পদ্ধতি কেনে সাৱধান ভাৱে গঢ়ি তুলিব লগীয়া হল—ইত্যাদি আটাইবােৰ কথাৰ অতুল সামঞ্জস্য ৰাখি সত্যনাথে ৰচনা কৰা অসমীয়া গ্রন্থবােৰ অসমীয়ালৈ ভবিষ্যতৰ কাৰণে বহুমূলীয়া সম্পত্তি হৈ সঞ্চিত থাকিল। সাহিত্য এনেহে পবিত্র বস্তু যে, ইয়াক অধ্যয়ন বা চর্চ্চা কৰিলে ভোক লাগিলে ভোক গুছে, পিয়াহ লাগিলে পিয়াহ