সমললৈ যাওক

পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জীৱন-চৰিত।

জাতীয় সম্পদ কি, শৰাইঘাটৰ যুদ্ধত দেশপ্ৰেমিক লাছিত ফুকনে কিদৰে অসমৰ ভাগ্যলক্ষ্মীক ৰক্ষা কৰিবৰ অৰ্থে কি নকৰিলে, দেশৰ শিলৰফলি আৰু তামৰফলিবোৰত আমাৰ বুৰঞ্জীৰ কি বোৰত কথাৰ সন্ধান আছে, প্ৰাচীন সাহিত্যত অসমীয়াৰ গৌৰৱ কিমান, কথা বা গদ্য সাহিত্যত অসমীয়াই কেনেকৈ আগভাগৰ উপযুক্ত, কোন ধৰ্ম্মপ্ৰচাৰকে কি ধৰ্ম্ম প্ৰচাৰ কৰিলে আৰু কোন কোন কবিয়ে কি কি কাব্য ৰচনা কৰিলে ইত্যাদি অসমীয়া জাতিৰ সকলো ৰকমৰ গৌৰৱৰ কথা- বোৰ অক্লান্ত পৰিশ্ৰমেৰে উদ্ধাৰ কৰি অসমীয়া জাতিৰ অক্ষয় কীৰ্ত্তি স্থাপন কৰিলে। ইপিনে বিশাল বাহু ব্ৰহ্মপুত্ৰত বাৰিষা যেনেকৈ কেনে ফোটকাৰে প্ৰকাণ্ড গছে বিৰিখে বাণ আহে, তেনেকৈ স্বভাব-সাহিত্যক লক্ষ্মীনাথ বেজবৰুৱাৰ লেখনীয়েও অসমদেশক সাহিত্যৰ বাণেৰে বুৰাই দিলে। গদ্যে পদ্যে নাটে, উপন্যাসে গল্পেৰে, সাধু কথাৰে, খুহুটীয়া ৰসেৰে, লৰা, ডেকা, বুঢ়া সকলেৰে উপযোগী সাহিত্যেৰে অসমীয়াৰ প্ৰাণত নবভাবৰ সঞ্চাৰ কৰিলে আৰু অসমীয়া জাতীয় মহাপুৰুষ শঙ্কৰ মাধৱৰ কীৰ্ত্তি ঘৰে ঘৰে প্ৰচাৰ কৰি দেশী বিদেশীক মুগ্ধ কৰিলে। “কৃপাবৰ বৰবৰুৱা” নাম ধৰি লক্ষ্মীনাথে গোটেই অসমদেশতে অপূৰ্ব্ব ভাব আৰু বসৰ সৃষ্টি কৰিলে। যেতিয়াই কোনো বিদেশীয়ে অসমীয়া ভাষাক বকাসুৰৰ দৰে গিলিবলৈ ঠোঁট মেলি উঠে, তেতিয়াই তপৰ কৰে লক্ষ্মীনাথে দীঘলে দীঘলে তীক্ষ্ণ লেখনীৰে দুফাল কৰি প্ৰাণবায়ু বহিৰ্গত কৰে;