ই বিলাকৰ লগ ধৰি আৰু কেইবাজনো অদৃশ্য হল। কিন্তু
ইফালে যি সকল তিস্থি থাকিল সি সকলৰ যত্ন উদ্যম আৰু
পৰিশ্ৰমৰ গুণত অসমীয়া ভাষা আৰু সাহিত্যৰ ভিত্তি স্থাপন
হল। ই সকলে পকা কৰি দিয়া ভেটিৰ ওপৰত আজি এমুঠি
অসমীয়াই ৰম্য অট্টালিকা সাজোঁ বুলি মন কৰি বিবিধ
সজুলিৰ আয়োজন কৰিছে; মৰো-জীউ-সোঁ-আধিকৈ
লাগিছে। সেইদিন কেতিয়া আহিব যিদিনা অসমীয়া ভাষাৰ
এই ৰম্য অট্টালিকা পৃথিবীৰ ভিতৰত চকুতলগা যাউতিযুগীয়া
এটি কীৰ্ত্তি হব পাৰিব; যিদিনা দূৰ বিদেশৰ যাত্ৰী আহি
আমাৰ এই মনোৰম অট্টালিকা দেখি নয়ন সাৰ্থক কৰিব
পাৰিব; হে ঈশ্বৰ! সেইদিন শীঘ্ৰে মিলোৱা।
অসমীয়া সাহিত্যৰ দেশহিতৈষী লিখক সকলৰ ভিতৰত কেইজনমানৰ নাম বিশেষ উল্লেখযোগ্য। ৰায় চাহাব পদ্মনাথ গোহাঁই বৰুৱাই স্কুলবিলাকত খাপে খাপে সময় উপযোগী কিতাপ ৰচনা কৰি দি অসমীয়া লৰাৰ শিক্ষাৰ বাট সুচল কৰি দিলে; স্বৰ্গদেৱ গদাধৰ সিংহ আৰু আহোম সতী জয়মতীৰ সতীত্বৰ চিত্ৰ উজ্জ্বলকৈ অঙ্কিত কৰিলে; লগতে উষাৰ অৰুণ কিৰণেৰে তৰুণ অসমক উদ্ভাসিত কৰিলে। শ্ৰীযুত বেণুধৰ ৰাজখোৱাই বিবিধ বিষয়ত কিতাপ ৰচিলে। অসমীয়া খণ্ডবাক্যৰ গ্ৰন্থ ৰচনা কৰি অসমীয়া জতুৱাঠাঁচ আৰু খণ্ড- বাক্যবোৰৰ ভৰাল মুকলি কৰি দিলে। অসমীয়া আৰু বঙ্গলা ভাষাৰ তুলনামূলক পুথি প্ৰণয়ন কৰি অসমীয়া