উঠিল চাৰি শ। চাৰি শ ৰূপ উঠিছে বুলি আকৌ চাৰি শ
গ্ৰাহকে ধন দিয়া বুলিও ভাবিব নালাগে, কাৰণ তাৰ ভিতৰত
পাঁচ টকীয়া আৰু দহ টকীয়া দানৰ ধনো আছে। মুঠকৈ
কব লাগিলে ন শ গ্ৰাহকৰ ভিতৰত ধন দিওঁতাৰ সংখ্যা
তিনি শ মান হব পাৰে। বাকীবিলাক গ্ৰাহক কেৱল
দূৰৈৰ পৰা চুম যচাৰ দল। কিন্তু পাঠক সকল, দূৰৈৰ
চুমাই আমাৰ গা নুজুৰাই আমি বাতাহাৰী ঋষি বা অনাহাৰী
ভগৱান নহঁও। আমাৰ এটি পেট আছে। সেই পেটটি ভৰাব
নোৱাৰিলে আমি জীয়াই থাকিব নোৱাৰোহঁক। কোনো
কোনো গ্ৰাহকে কয় বোলে জোনাকীৰ মোহিনী গুণ নাই।
সেই দেখি হুনু তেওঁলোকে ধন দিবলৈ সম্মত নহয়। আমিও
জোনাকীয়ে গ্ৰাহক মুহিবলৈ মোহিনীৰূপ ধৰিছে বুলি নকওঁ।
জোনাকীৰ গাত বহুত ঘূণ বা দোষ থাকিব পাৰে কিন্তু
তেনেকুৱা দোষ বা ঘূণ গুচাবৰ গৰাকী কোন? জোনাকী
কাৰবাৰ সুকীয়া বস্তু নে? জোনাকীক দেখুৱাই কোনোবাই
নিজৰ জোলোঙ্গা ভৰাব খুজিছে নে? জোনাকী সকলো
অসমীয়াৰ উমৈহতীয় বস্তু। জোনাকী ধুনীয়া হলে অসমীয়াৰ
আৰু গেন্ধেলী হলে অসমীয়াৰ অপযশ। জোনাকী
যদি গেন্ধেলী হৈছে তেনেহলে তেওঁলোকে ধুনীয়াকৈ নলয়
কিয়? লৰা লেতেৰা হলে মাক বাপেকে ধুই পখালি সুন্দৰ
কৰে। টেটুত টিপি সংহাৰ নকৰে। অসমৰ খ্যাতনামা
লিখাৰুবিলাকে যদি সকলোৱে কাপ ধৰে তেনেহলে জোনাকী
পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১৫৪
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪০
স্বৰ্গীয় সত্যনাথ বৰাৰ