পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্বৰ্গীয় সত্যনাথ বৰাৰ

তেতিয়া এটা ডাঙ্গৰ অভাৱ হল। অসমীয়া ভাষা পুৰণি সাহিত্যেৰে চহকি হলেও উপযুক্ত লোকৰ অভাৱত পুৰণি পুথিবোৰ ধোঁৱাচাঙত এলান্ধুকলীয়া হল; বৰ্ত্তমান সাহিত্যতো লিখকৰ অভাৱত ৰজাঘৰে পুৰস্কাৰ ঘোষণা কৰি আনকি অসমীয়া লৰাক শিক্ষা দিবলৈ স্কুলীয়া কিতাপ ৰচনা কৰাব লগীয়া হল। আসাম বন্ধু, জোনাকী, বিজুলী আদি আলো- চনীৰ জন্ম হল; আৰু আসাম মাতৃৰ বিধি অনুসাৰে পূজাৰ আয়োজন হল। আধুনিক অসমীয়া সাহিত্যৰ উদগতিৰ অৰ্থে অসমৰ আটাইকেইখন জিলাৰ পৰা একে সময়তে অলপৰ অগা পিছাকৈ কেইবাজনো উপযুক্ত কৃতী লিখক সাহিত্যক্ষেত্ৰত নামিল। তাৰে আকৌ কেইজনমান পুত্ৰ- ৰত্নক অসম মাতৃয়ে অকালতে হেৰুৱায়। ৺লম্বোদৰ বৰাই অসমীয়া ভাষাৰ আখৰ জোঁটনি আৰু ৺ আনন্দৰাম বৰুৱাৰ পাতনি পাতোতেই প্ৰাণত্যাগ কৰিলে। ৺ লক্ষেশ্বৰ শৰ্ম্মাই ধোঁৱাচাঙৰ পৰা অষ্টাদশপৰ্ব্ব অসমীয়া মহাভাৰতৰ উদ্যোগপৰ্ব্ব, দ্ৰোণপৰ্ব্ব, ভীষ্মপৰ্ব্ব আদি নমাই আনি পুৰণি পুথিৰ জপা মেলোতেই নিঠুৰ কালে অকালতে হৰি নিলে; জোনাকীৰ পবিত্ৰ পৃষ্ঠাত জিলিকি থকা “চুম্বক লো,” “বিজুলিশক্তি” আদি পদাৰ্থ বিজ্ঞানৰ বহুমূলীয়া প্ৰবন্ধ যি এবেলি লিখি গল সেই বিষয়ে আৰু দ্বিতীয় প্ৰবন্ধ অজিলৈকে প্ৰকাশিত নহল। ৺ৰত্নেশ্বৰ মহন্তই নীতিপূৰ্ণ কবিতা আৰু অসমৰ বুৰঞ্জীমূলক বিষয় ৰচনা কৰিব ধৰোঁতেই কাল সাগৰত বিলীন হল।