পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৫
জীৱন চৰিত।


বন্ধুৰ আগত প্ৰকাশ কৰিছিল। সেইবিলাক বন্ধুৱে বৰা ডাঙ্গৰীয়াকে সেই গুৰুতৰ কাম হাতত লবলৈ অনুৰোধ কৰে। বৰাদেৱে সাহিত্য সম্বন্ধীয় বহুত কথা প্ৰত্নতত্ত্ববিদ্‌ ৺হেমচন্দ্ৰ গোস্বামীৰ লগত সদাই পৰামৰ্শ কৰিছিল। সাৰথিখন উষাত প্ৰকাশ হোৱাৰ আগেয়ে ৺হেমচন্দ্ৰ গোস্বামী দেৱক চাবলৈ দিছিল। কটন কলেজত বৰা ডাঙ্গৰীয়াই যেতিয়া অধ্যাপক কাম ললে তেতিয়া অসমীয়া ছাত্ৰ সকলক অসমীয়া ভাষাৰ উন্নত ব্যাকৰণ সম্বন্ধে, অস- মীয়া ৰচনা সম্পৰ্কে আৰু বাক্যবিন্যাসৰ নিয়মপ্ৰণালী আৰু অসমীয়া ভাষাৰ জতুৱা ঠাচবোৰৰ বিষয় এটা দীঘলীয়া বহিত হাতে লিখা নোট কৰি নি ছাত্ৰ সকলৰ আগত বক্তৃতা দিছিল। কটন কলেজত অসমীয়া ভাষা সম্বন্ধে বক্তৃতা দিব লগীয়া হোৱাতো এনে এটি অভাবৰ কথা তেওঁৰ মনত খেলাইছিল বুলি অনুমান হয়। সি যি কি নহওক আমি পঢ়াকালত বৰা ডাঙ্গৰীয়াই বক্তৃতা দিয়া কথাবোৰৰ পৰা যুগুত কৰা আমাৰ এটি নিজা নোট বহি আছে। এই নোট বহিৰ বিষয়বোৰ আৰু বহল ব্যাকৰণৰ বিষয়বোৰ প্ৰায় একে। সেই বাবে আমাৰ অনুমান হয় যে, অসমীয়া ভাষাৰ এখন বৃহৎ ব্যাকৰণ ৰচনা কৰাৰ ভাব বৰা ডাঙ্গৰীয়াৰ বহুদিনৰ আগৰে পৰা আছিল। মুঠতে তেওঁৰ সাহিত্যিক বন্ধুসকলে কিতাপখনি শীঘ্ৰে উলিয়াই দিবলৈ বিশেষ অনুৰোধ আৰু তাগিদ কৰিছিল।