জ্ঞান অসম্পূৰ্ণ থকা যেন বোধ কৰিছিল। তেওঁৰ ঘৰত বাতৰি
কাকত কিনিবলৈ দৈনিক বজাৰ খৰছৰ লগত এক অনা
পয়চাৰ ব্যৱস্থা কৰা আছিল।
সত্যনাথৰ গহীন প্ৰকৃতি আৰু সকলো কথাতে গহিনালি ভাব দেখি এনেটো সহজে অনুমান হয় যে, এনে এজন গহীন গম্ভীৰ লোকৰ গাত ধেমেলিয়া বা ঘঁহি উঠা কথাৰ ছাঁ মাত্ৰও নাই। কিন্তু, মজাছে পেটুৱা পেট ভৰিয়া খা, খাব মজা আলু ভজা, পকা খৰিছা। শুন্ছাহনে আপিগিলা খাজনা বাৰেইছি; দিবা নল্লি নিবোক ধৰি প্যাদা লগেই দি। হাঁয়ৰে মোৰ কাপাল খান বল্লা ভাত কিমান খাম ইত্যাদি মনত তৃপ্তিসাধক বাক্যৰ সঙ্গতি আৰু জীৱনৰ ছয় ঋতু, ভকতীয়া ব্যাকৰণ, খ্যাতিমতী বুঢ়ী আদি ধেমেলীয়া খণ্ড ৰচনাবোৰ পাঠ কৰিলে গম্ভীৰ ৰসযুক্ত সত্যনাথক চেপি চৌ চৌ কৰে হাস্যৰস উলিয়াব পাৰি। সেইবাবে আমি কব নোৱাৰোনে যে সত্যনাথ আমটো এপিনে চুন যেন টেঙ্গা আৰু আনপিনে মৌ যেন মিঠা। সত্যনাথ বৰাই ধেমেলীয়া কথাবোৰ ডেকাকালতে ৰচনা কৰিছিল। “বৰা ডাঙ্গৰীয়াৰ প্ৰশান্ত মূৰ্ত্তি আৰু তেওঁৰ কথাবাৰ্ত্তাৰ পৰা কোনোৱে ভাবিব নোৱাৰিছিল যে, তেওঁ ধেমেলীয়া গীত বা প্ৰবন্ধ লিখিবৰ লায়কৰ মানুহ, অথচ তেওঁৰ লিখিত কেইবাটাও তেনে গীত আৰু প্ৰৱন্ধ অসমীয়া সাহিত্য সমাজত সুপৰিচিত।”
অসমীয়া সাহিত্যত সত্যনাথৰ আসন অতি ওখত। কি