পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তৃতীয় অধ্যায়।

⸻:*:⸻

( বিবিধ বিষয় )

সত্যনাথ বৰা আৰু ৰচনা ৰীতি।

 সত্যনাথ বৰাৰ গ্ৰন্থবোৰ আধ্যয়ন কৰিলে, তেওঁ লিখা প্ৰৱন্ধবোৰ পাঠ কৰিলে আৰু তেওঁ সম্পাদন কৰা জোনাকীখন পঢ়ি চালে এটা কথা দেখা যায় যে, লিখকৰ ৰচনা-ৰীতি আদিৰ পৰা অন্তলৈকে প্ৰায় একে আছিল। অসমীয়া লিখক সকলৰ মাজত সাধাৰণতঃ দুই শ্ৰেণী দেখা যায়। এক শ্ৰেণীয়ে ৰচনাত সংস্কৃতীয়া শব্দ বেচিকৈ ব্যৱহাৰ কৰে, এক শ্ৰেণীয়ে পৰা পক্ষত সংস্কৃত শব্দ ব্যৱহাৰ নকৰাকৈ চলিবৰ চেষ্টা কৰে। এই সম্বন্ধে আমি অসমীয়া ভাষাৰ অধিনায়ক ৺ হেমচন্দ্ৰ বৰুৱাই কোৱা কথাখিনি মানি চলিলে অসমীয়া ভাষাৰ প্ৰতি পৰম উপকাৰ কৰা হব।*

* যদিও অসমীয়াৰ সংস্কৃতেই গুৰি আৰু সংস্কৃত অতি উত্তম ভাষা তেওঁ অসমীয়া ভাষা লিখোতে যেতিয়লৈকে আমাৰ মনৰ ভাব বুজাৰৰ কাৰণে অসমীয়া ভাষাত চলি থকা কোনো এটা শব্দ পোৱা যায়, তেতিয়ালৈকে অচলিত সংস্কৃত শব্দ লিখা অযুগুত। কিন্তু যেতিয়া দেখা যায় যে, কোনো এটা ভাষা প্ৰকাশ কৰিব পৰা শব্দ আমাৰ ভাষাত নাই, তেতিয়া সময় মতে সংস্কৃতৰ পৰা, তাত নহলে আন