সমললৈ যাওক

পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তৃতীয় অধ্যায়।

⸻:*:⸻

( বিবিধ বিষয় )

সত্যনাথ বৰা আৰু ৰচনা ৰীতি।

 সত্যনাথ বৰাৰ গ্ৰন্থবোৰ আধ্যয়ন কৰিলে, তেওঁ লিখা প্ৰৱন্ধবোৰ পাঠ কৰিলে আৰু তেওঁ সম্পাদন কৰা জোনাকীখন পঢ়ি চালে এটা কথা দেখা যায় যে, লিখকৰ ৰচনা-ৰীতি আদিৰ পৰা অন্তলৈকে প্ৰায় একে আছিল। অসমীয়া লিখক সকলৰ মাজত সাধাৰণতঃ দুই শ্ৰেণী দেখা যায়। এক শ্ৰেণীয়ে ৰচনাত সংস্কৃতীয়া শব্দ বেচিকৈ ব্যৱহাৰ কৰে, এক শ্ৰেণীয়ে পৰা পক্ষত সংস্কৃত শব্দ ব্যৱহাৰ নকৰাকৈ চলিবৰ চেষ্টা কৰে। এই সম্বন্ধে আমি অসমীয়া ভাষাৰ অধিনায়ক ৺ হেমচন্দ্ৰ বৰুৱাই কোৱা কথাখিনি মানি চলিলে অসমীয়া ভাষাৰ প্ৰতি পৰম উপকাৰ কৰা হব।[]

  1. যদিও অসমীয়াৰ সংস্কৃতেই গুৰি আৰু সংস্কৃত অতি উত্তম ভাষা তেওঁ অসমীয়া ভাষা লিখোতে যেতিয়লৈকে আমাৰ মনৰ ভাব বুজাৰৰ কাৰণে অসমীয়া ভাষাত চলি থকা কোনো এটা শব্দ পোৱা যায়, তেতিয়ালৈকে অচলিত সংস্কৃত শব্দ লিখা অযুগুত। কিন্তু যেতিয়া দেখা যায় যে, কোনো এটা ভাষা প্ৰকাশ কৰিব পৰা শব্দ আমাৰ ভাষাত নাই, তেতিয়া সময় মতে সংস্কৃতৰ পৰা, তাত নহলে আন ভাষাৰ পৰা শব্দ ধাৰ কৰাত একে দোষ দেখা নাযায়, আৰু তেনে কৰাৰ পৰা ভাষা ভাল আৰু চহকীহে হয়। কিন্তু এই কথালৈ মন নকৰি এতিয়া অনেক নলেখাৰুৱে পণ্ডিতালি দেখাবৰ ইচ্ছাৰে অসমীয়া লিখাত পাচিয়ে পাচিয়ে সংস্কৃত শব্দ সুমাই মনেৰে ভাবে যে, তেওঁ- বিলাকৰ লেখা বৰ শুৱলা হৈছে, কিন্তু সেইবিলাকে ভাবি চাব লাগে যে, হীৰা মুকুতাবিলাক যদিও বৰ ভাল আৰু বহমূলীয়া বস্তু তেওঁ সেইবিলাক কত কিৰূপে পিন্ধিব লাগে তালৈ নেচাই নাক, কাণ, চুলি ইত্যাদি সকলো ঠাইত আৰি ললে যি জনে সেই কাৰ্য্য কৰে, তেওঁ ধুনীয়া নহৈ আপোনাক বীভচ মাথোন দেখাব; আৰু সকলোৱে তেওঁক চহকী বোলাব খোজা চহা বুলি হাঁহিব।
     বিশেষ শব্দবিলাক আমাৰ মনৰ ভাববিলাকৰ বাহন মাথোন। যেনে এটি বাহন নহলে কোনো ভাব মনৰ পৰা বাহিৰ হব নোৱাৰে, এই কাৰণেই শব্দৰ আৱশ্যক হয়। তাত যেনেকৈ আমি উঠি ফুৰিব পৰা কোনো এটা আমাৰ সুকীয়া বাহন থাকেঁতে আনৰ বাহন মত। অযুগুত, তেনেকৈ মনৰ ভাব প্ৰকাশ কৰিব পৰা আমাৰ আপোনাৰ শব্দ থাকোঁতে লোকৰ শব্দ ধাৰ কৰাও অনুচিত; ডেকা লেখাৰুসকলে এইটি কথা মনত ৰাখিব লাগে।”

    হেমচন্দ্ৰ বৰুৱা।