কৰিলোঁ। সত্যনাথে সকলোকে নিমন্ত্ৰণ কৰিলে। গধূলি
হল, আমি নিমন্ত্ৰণ কৰি যোৱা উকীল, হাকিম আৰু অন্যান্য
সকলো লোক উপস্থিত হৈ বৰ আনন্দৰে আৰু নানা হাঁহি
খিকিন্দালি পাতি ভোজ খাই ৰাতি হোৱাত ঘৰ পালোঁহি।
এই ভোজৰ সমস্ত খৰচ সত্যনাথে শেষত ৰং মনেৰে আদায়
কৰি দিলে। সত্যনাথ বৰাৰ আমি আগৰে পৰা সাহিত্যত
বৰ বেচি ধাউতি দেখি আহিছোঁ। “He was a true
Assames in every inch."
ধুবৰী সাহিত্য-সন্মিলনৰ বিখ্যাত অধিবেশনৰ সভাপতি আৰু অসমীয়া বহুসংখ্যক কিতাপ ৰচোতা শ্ৰীযুত বেণুধৰ ৰাজখোৱা ডাঙ্গৰীয়াই জনায় যে, “সত্যনাথ বৰাৰ অমায়িকতা আৰু সৰলতাত মুগ্ধ নোহোৱা মানুহ কোনো নাছিল। মই কোনো কালে তেওঁৰ খং দেখা নাছিলো। প্ৰকৃততে তেওঁৰ শত্ৰু নাছিল। তেওঁক সঁচাকৈ “অজাত শত্ৰু” বুলিব পাৰি। তেওঁৰ গাত সকলো সজগুণ আছিল বুলি কলেও বঢ়াই কোৱা নহয়। তেওঁৰ অটল দেশভক্তি আছিল। অসম আইৰ দুৰৱস্থা দেখি তেওঁ যেনেকৈ কান্দিছিল সেইদৰে কন্দা মানুহ বিৰল। বঙ্গালী, মাৰোৱাৰী আৰু আন আন পৰদেশী মানুহৰ মাজত থাকিও তেওঁ অসমীয়াৰ হক অটুট ৰাখিবৰ নিমিত্তে প্ৰাণ টাকি যত্ন কৰিছিল। সকলো সম্প্ৰদায়ৰ মানুহে তেওঁক অন্তৰেৰে ভাল পাইছিল। তেওঁৰ কাৰ্য্য-পদ্ধতিত বিদ্বেষৰ ভাব