পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
স্বর্গীয় সত্যনাথ বৰাৰ

নগৰৰ বিৱৰণ স্বৰ্গীয় গুণাভিৰাম বৰুৱাই ‘আসাম বন্ধু’ত বিশেষৰূপে বৰ্ণনা কৰি গৈছে।

 গুৱাহাটীত বৰফুকনৰ অধীনত থকা বৰবৰা ঘৰে নগাৱঁৰ কলিয়াবৰৰপৰা গোৱালপাৰা জিলাৰ সোণকোষ নৈলৈকে বিষয় বাব খাইছিল। ৰজাঘৰীয়া টেকেলাবিলাকক যিজনে চলাইছিল সেইজনকে বৰবৰা বোলা হৈছিল।

 এনেকৈ ৰজাই পতা জীউনাথ বৰবৰাৰ পুত্ৰ ৰাধানাথ; তৎপুত্ৰ দয়ানাথ। দয়ানাথৰ পুত্ৰ সত্যনাথ। দয়ানাথ বৰবৰাৰ আৰ্থিক অৱস্থা ভাল নাছিল। বৰবৰাৰ ঘৰৰ যি পুৰণি সাই- সম্পত্তি আছিল, সকলো দুঘৰ ভাই-ককাইৰ ভিতৰ কাজিয়া লাগি মোকৰ্দ্দমা আদিত লয় পালে; মাথোন ভৰলুমুখৰপৰা ৭ মাইলমান দূৰত দক্ষিণ পাৰে ধাৰাপুৰ নামে গাৱঁত কেই- পুৰামান মাটি আছিল। তাকে চলাই কৰাই পোহ-পাল গৈছিল। সত্যনাথ বৰাৰ মাতৃৰ নাম আছিল অময়া। তেওঁলোকৰ অৱস্থা যদিও বেয়া আছিল, দুখীয়াৰ দুঃখিত ভাবে কৰা হিন্দুৰ পূজাসেৱা তেঁওলোকৰ ঘৰত চলি আছিল। নগাৱঁৰ চামগুৰি সত্ৰৰ তেওঁলোক শিষ্য আছিল। দয়ানাথ বৰবৰাৰ স্বভাৱ গহীন আছিল আৰু গাৱঁৰ সকলো মানুহে সৈতে মিলাপ্ৰীতিৰ ভাব আছিল। মাকৰ নাম যেনে অময়া আছিল, মানুহে তেনে সাদৰী আৰু মৰমিয়াল আছিল আৰু দুখীয়াক পুতৌ কৰিছিল। দয়ানাথ বৰবৰাৰ কেইবাটিও লৰা হৈছিল। কিন্তু এটিও সৰহ দিন জীয়াই