পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
স্বৰ্গীয় সত্যনাথ বৰাৰ


আক্ৰান্ত হৈছিল। আকৌ তেওঁলোকৰ অনুমান হল যে, Blood pressure বা শৰীৰত তেজৰ হেঁচা বেচি হৈ এনেকুৱা হৈছে। চিকিৎসকৰ সুবিবেচনা মতে তেজৰ হেঁচা কমাবলৈ অঙ্গ ক্ষত কৰি তেজ উলিয়াই দিয়া হল। তেতিয়া দিনৰ ১ মান বাজিছে। ওচৰচুবুৰীয়া মানুহ—দুনুহ অঙ্গহী-বঙ্গহী আহি সত্যনাথৰ অৱস্থাৰ বুজ লবলৈ ধৰিলে। অহা মানুহবোৰে হাতত সাৰে ভৰিত সাৰে সকলোৱে সত্যনাথৰ বঙলাত সোমাই সত্যনাথক চাই মন পতিয়াই ছিল, কিবা যেন নিস্তব্ধতাই গোটেইখন ঘৰ আৰু হাউলি জিনি পেলাইছিল। সকলোৰে মুখত যেন এটা বিষাদৰ চিনে আহি দেখা দিছিল। তেতিয়া দিনৰ তিনিমান বাজিল। সত্যনাথৰ কোনো পৰিবৰ্ত্তন নাই, উন্নতি নাই, মাতবোল নাই, দীৰ্ঘনিশ্বাস ক্ৰমাৎ কমি আহিল, বহুত পৰৰ অন্তে অন্তে নিশ্বাস লবলৈ ধৰিলে। একেবাৰ নিশ্বাস বিহীন হৈ তলকা মাৰি বহুত পৰলৈ থাকি হঠাৎ আকৌ সাৰ পাই ঘন ঘনকৈ কেইবাৰমান উশাহ লৈ আকৌ নিস্তব্ধ হয়। সকলোৰে মুখ শোকৰ কালিমাই ছাটি পেলালে। তেতিয়া প্ৰায় সাৰে তিনি বাজিল। চিকিৎসক আদি নিৰুৎসাহ হৈ ঘৰলৈ উলটি গল। অসমীয়া সাহিত্যৰ ধৰণী অনন্ত নিদ্ৰাত পৰিল। চাওঁতে চাওঁতে দীঘল নিশ্বাস নাইকিয়া হল। ৬৫ বছৰ বয়সত শান্তিপ্ৰিয় সত্যনাথ চিৰশান্তি ধামলৈ প্ৰয়াণ কৰিলে। চহৰৰ জনা-শুনা মানুহ সকলো আহি উপস্থিত