তিনিও ভাষাত অনৰ্গল শুদ্ধ ভাষাৰ বক্তৃতা দিব পৰা ক্ষমতা আছিল। ফৰিদপুৰত থাকোঁতে আন কি কে, জি, গুপ্তৰ নিচিনা জজ সাহেবেও তেওঁৰ সেই স্কুলত দিয়া বক্তৃতা শলাগিছিল। গুৱাহাটীত এনে এখন সভা-সমিতি নহৈছিল যি খনত সত্যনাথ বৰাই ইংৰাজীত বা অসমীয়াত অন্ততঃ লাগিলে দুই চাৰি আষাৰ কথা কব নালাগিছিল। অসমীয়া জনসমাজেও সভা-সমিতিত সত্যনাথ উপস্থিত থাকিলে বক্তাৰ আসনখন যেন তেওঁলৈ আচুতীয়াকৈ থোৱা হৈছিল এনে ভাব দেখুৱাইছিল। যেতিয়াই যত যেনেকৈ বক্তৃতা দিয়ে তাৰ পিছত মানুহে মুখে মুখে কয়, “বৰা ডাঙ্গৰীয়াৰ বক্তৃতা বাস্তৱিকে বৰ ভাল হৈছিল। বক্তৃতাত জানিব লগীয়া বা শিকিব লগীয়া বহুত কথা আছিল।” সত্যনাথে বক্তৃতা দিওঁতে ধীৰ সুস্থিৰ ভাবে থিয় দি, মৃদু মধুৰ ভাষাৰে সমজুৱা সকলক সম্বোধন কৰি কথা কোৱা দি বক্তৃতা দিছিল। বক্তৃতা দিওঁতে মূৰ দুপিওৱা আৰু উপযুক্ত ঠাইত হাতেৰে ভঙ্গী দিয়া তেওঁৰ অভ্যাস আছিল। ভাব- প্ৰৱণতাই তেওঁৰ বক্তৃতাক দূষিত নকৰিছিল।
⸻
সত্যনাথ বৰা আৰু ৰাজহুৱা কাম।
কিছুমান মানুহৰ মাজত এনে এটা ধাৰণা আছে যে, সত্যনাথ বৰাই লেঠা বা জঞ্জাল ভাল নেপাইছিল। লেঠা বা জঞ্জাল থকা বিষয়ত কদাপি হাত নিদিছিল; লেঠা বা