পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১২০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৬
স্বৰ্গীয় সত্যনাথ বৰাৰ

ৰজাঘৰৰ ভ্ৰম যি দৰে সংশোধন কৰিছিল, অসমীয়া ভাষাক পৰদেশীয়ে টনা আজোৰা লগাওঁতে হেমচন্দ্ৰই যেনেকৈ থপিয়া- থপি কৰিছিল, অসমৰ ৰাজনৈতিক আকাশৰ যুগল তৰা জগন্নাথ আৰু মাণিকচন্দ্ৰই অসমীয়াৰ হক ৰক্ষাৰ অৰ্থে যিদৰে হেচুকি ফুৰিছিল, নাইবা মৰিলেও মৰকামোৰ নেৰাৰ দৰে অসমীয়া ভাষালৈ কেপকেপাই থকা থোত মুখক শ্ৰীযুত লক্ষ্মীনাথ বেজবৰুৱাই যিদৰে ভোতা কৰিছিল, সেই দবে সত্যনাথে অসমীয়া ভাষা সম্পৰ্কে যুজবাজ কৰা নাছিল। ঢেকিয়াল ফুকন আৰু হেমচন্দ্ৰ বৰুৱাই ৰুই থোৱা অসমীয়া ভাষাৰ গছ-পুলিটিক সত্যনাথে প্ৰতিপালন কৰিছিল; গছ- পুলিটিক বিবিধ আৱৰণ দি নানা বিঘিনিৰ পৰা আঁতৰত ৰাখিছিল; আৰু কেতিয়ানো গছ-পুলিটি লহপহকৈ বাঢ়ি আহি ফুলেৰে জাতিকাৰ হৈ চাৰিও দিশ সৌৰভেৰে আমোদিত কৰিব তাকে বাট চাই আছিল।

 আমাৰ দেশত ভুলক্ৰমে ঠাই পোৱা বঙলা ভাষা যেতিয়া আঁতৰিল; “স্কুলত বঙ্গালী, কাছাৰিত বঙ্গালী, ডেকা- বিলাকৰ আলাপত বঙ্গালী, তেওঁলোকৰ চিঠিত বঙ্গালী আৰু সকলোৱে ৰঙ্গিণী বঙ্গীয়াক সঙ্গিনী কৰি লোৱা বুকুৰ কুটুম” বঙ্গভাবা যেতিয়া অসমীয়াৰ মাজৰ পৰা বাধ্য হৈ নিৰ্ব্বাসিত হল, তেতিয়া এই দেশৰ লিখক সকলৰ লেখনী বঙ্গলুৱা শব্দই কলঙ্কিত কৰি ভাষাটোক বিজাতৰীয়া কৰিবৰ উপক্ৰম কৰিলে। কেতবোৰ লিখকে বঙ্গলুৱা কথাৰে আৰু