পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
স্বৰ্গীয় সত্যনাথ বৰাৰ

“আখৰ যোটনিৰ নিয়ম ভিন। সংস্কৃত শব্দৰ সন্ধি হয়, অসমীয়াত নহয়। অসমীয়াত কেৱল সংস্কৃত শব্দৰহে সন্ধি কৰা হয়। সিও লিখোঁতাৰ ইচ্ছাধীন। সমাস অৱশ্যে অসমীয়াত আছে, কিন্তু তাৰ ব্যৱহাৰ সকলো ঠাইত হব নোৱাৰে। সংস্কৃতত “শিৰোভূষণ” বা “শিৰভূষণ” হয়, কিন্তু অসমীয়াত “মূৰৰ সাজ” হে হয় “মূৰ সাজ” নহয়। অসমীয়াত তদ্ধিত প্ৰত্যয় অলেখ, প্ৰায় শব্দটোৱে পতি প্ৰত্যয় ভিন ভিন হয়। সংস্কৃতত ইমানবোৰে তদ্ধিত প্ৰত্যয় আছে সে নাই কব নোৱাৰোঁ। অসমীয়াত কৃৎ প্ৰত্যয়ৰ সংখ্যাও কম নহয়। সংস্কৃতত সনন্ত ধাতু যঙন্ত ধাতু আছে, অসমীয়াত নাই। এতেকে অসমীয়া ব্যাকৰণ ঠিক সংস্কৃত ব্যাকৰণৰ আৰ্হিত হব নোৱাৰে। সেই দেখি অসমীয়া বৈয়াকৰণসকলে তদ্ধিত কৃৎ আদি প্ৰত্যয় ভিন ভিন কৰি দেখুৱাইছে, বহল ব্যাকৰণতে সেইদৰে ভিন ভিন কৰি দেখুৱা হৈছে।”

 আসমীয়া শব্দৰ উচ্চাৰণ সম্বন্ধে বহল ব্যাকৰণত বিশেষ একো নাই। বহল ব্যাকৰণে উচ্চাৰণ বিষয়ে বিস্তীৰ্ণভাৱে একো কোৱা নাই। হেমচন্দ্ৰ বৰুৱাই হোমকোষ অভিধানত অসমীয়া উচ্চাৰণ সম্বন্ধে লিখা নিয়ম প্ৰণালীকে অনুসৰণ কৰি চলিবলৈ বহল ব্যাকৰণে বিধান দিছে।

 বহল ব্যাকৰণত অসমীয়া খণ্ডবাক্যৰ বা জতুৱা ঠাঁচৰ ব্যৱহাৰ সম্বন্ধে কোৱা আছে। প্ৰচলিত ব্যাকৰণত এই বিষয়