শুকনিৰ কাল। তেতিয়া শৰীৰৰ সকলোৱে শুকনি ধৰে। লোদাৰা হাত ভৰি শুকাই গৈ ঠাৰি যেন হয়, মঙ্গহ শুকাই সোতোৰা পৰে, চিকচিকীয়া দাঁত সৰি সোলা হয়, চুলি পকি বগা হয় আৰু নিপোটল গাল শুকাই গৈ মুখৰ দুই কাষত দুটি পুখুৰি ওলায়। চকু কোটৰত সোমায় আৰু ললিত মাতৰ সুৰ ভাগি কঠুৱা হয়। পৃথিবীৰ শৰৎ ঋতুত নৈ, বিল, পুখুৰি আদি শুকাই টটঙ্গা হয়, সেদইৰে শৰীৰৰো ৰস তেজ শুকাই যায়। শৰতৰ অন্তত শীত আৰম্ভ হয়। শৰীৰৰ এই ঋতুক মৃত্যু বোলে। মৃত্যুৰ শীতত তপত শৰীৰ ঠেৰেঙ্গা হয়, চলন্ত শৰীৰ অচল হয়” ইত্যাদি।
ভকতীয়া ব্যাকৰণ।
ভকতীয়া ব্যাকৰণ প্ৰবন্ধত এজন ভকতে ব্যাকৰণনো কি তাক পদ গাই গাই আলোচনা কৰিছে। ভকতীয়া ব্যাকৰণৰ পদ কেইফাঁকিমান তলত তুলি দিয়া হল।
“শুনা শুনা শুনা শিশু শুনা পুতি মন।
থিৰ মনে শুনা কাক বোলে ব্যাকৰণ॥
ব্যা শব্দৰ অৰ্থ বিয়া, কৰাই কৰণ।
বিয়া কৰালেই শিক্ষা হয় ব্যাকৰণ॥
পণ্ডিতে উচ্চাৰে ব্যা অপণ্ডিতে বিয়া।
আচলতে ভেদাভেদ একো নাইকিয়া॥