ভিতৰত একমাত্ৰ সামাজিক আৰু ধাৰ্ম্মিক অনুষ্ঠান আছিল।
এই দুই কাৰ্য্যত সত্যনাথে ভগনত কুণ্ঠিত ভাৱ দেখুৱা নাছিল।
তেওঁ এই কাৰ্য্য নিখুঁত ভাৱে আৰু সুচাৰুৰূপে কৰিবলৈ
সকলো আয়োজন কৰিছিল। মানুহক সোধপোছ কৰাত,
কিম্বা নিমন্ত্ৰণ কৰাত কিম্বা বিবাহ উপলক্ষে জা-জলপান
খুওৱাত কোনোৱে কোনো আহুকাল পোৱা নাছিল।
সত্যনাথে সকলো নিমন্ত্ৰিত লোকক নিজমুখে সন্তোষ ভাৱেৰে
মাত লগাইছিল। যি জীৱনতো তেওঁৰ বোধকৰো কেতিয়াও
মুখৰ মাত পোৱা নাছিল তেনে লোকেও সেই দিনা তেওঁৰ
আস্তব্যস্ত ভাৱত সন্তুষ্ট হৈ সত্যনাথৰ যশস্যা নোলোৱাকৈ
থকা নাছিল। এয়েহে প্ৰকৃত গৃহস্থৰ লক্ষণ। সত্যনাথৰ পুত্ৰৰ
বিবাহৰ দিনা সত্যনাথৰ ব্যৱহাৰত সত্যনাথলৈ দয়া ভক্তি বা
সম্মানৰ ভাব সকলো মানুহৰ মনত উপজিছিল। বিয়া
উপলক্ষে যিবোৰ জাকজমক বা আড়ম্বৰৰ আয়োজন লাগে,
সেইবোৰ আড়ম্বৰ—হীন সত্যনাথে বাদ দিয়া নাছিল।
সত্যনাথে পুত্ৰদ্বয়ৰ বিয়াত সমাজৰ লোকাচাৰ মতে বিয়াত
দিয়া কোনে বস্তু-বেহনি, কাপোৰ-কানি নিমন্ত্ৰিত লোকৰ
পৰা গ্ৰহণ কৰা নাছিল, সেইটো নিমন্ত্ৰণী চিঠিত লিখিও
দিছিল।
সত্যনাথৰ মাটি-বাৰী, বয়-বস্তু, ঘৰ-দুৱাৰ, টকা-কৰি সকলো তেওঁৰ নিজ নামত আছিল। পুত্ৰদ্বয় এই সম্পত্তিৰ অধিকাৰী হবলৈ হলে পিতৃৰ মৃত্যুৰ পিছত আইনমতে