পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
স্বৰ্গীয় সত্যনাথ বৰাৰ

ভাগ মানুহে উৱাদিহ নাপায় সংসাৰ সোঁতত গা এৰি দি উটি যায় আৰু সোঁতে নি যতে তোলে ততে উঠে। কিন্তু সোঁত বুলিলেই নামনিলৈ বয়। এতেকে সোঁতত গা এৰি দিলে মানুহ নামনিৰ ফাললৈ যায় ওপৰলৈ উজাব নোৱাৰে। উদ্গতিৰ মন্দিৰ সোঁতৰ উজনিত, উজাই নগলে সেই বিনন্দবিলাস অময়া মন্দিৰত উঠিব নোৱাৰি। কিন্তু সোঁতত উজাই যোৱা টান কথা। সোঁতেৰে সৈতে যুদ্ধ নাপাতিলে সেই কাম সিদ্ধ নহয়। সেই দেখি মানুহে জীৱনটোক জীৱন-যুদ্ধ বোলে। যুদ্ধত সূচক সাৰথি নহলে জয়লাভ কৰিব নোৱাৰি, সেইদৰে জীৱন-যুদ্ধতো এজন সূচক সাৰথি নহলে জয়লাভ কৰিবলৈ টান। এই পুথিখনত জীৱন-যুদ্ধৰ আওভাও আঁতি-গুৰি আৰু কৌশলবিলাক বুজাই দিবলৈ চেষ্টা কৰা হৈছে, সেই দেখি ইয়াৰ নামো সাৰথি থোৱা হৈছে। পুথি খনত মনেৰে ভাবি ধৰা কথা লিখা হোৱা নাই। যি কথা নিজৰ জীৱনত ফলিয়াইছে আৰু আনৰ জীৱনতো ফলিওৱা দেখিছোঁ, তাকেহে মাথোন ইয়াত ঠাই দিয়া হৈছে।”

 সাৰথিৰ প্ৰৱন্ধবোৰ পোনতে উষাত প্ৰকাশ পাইছিল। গ্ৰন্থকাৰে কৈছে যে, তেতিয়া ইয়াৰ ভাষাত বহুত জোঁট আছিল, পিছত পুথি আকাৰে প্ৰকাশ কৰাত তাৰ ভাষাৰ জোঁট ভাঙ্গি লৰা বুঢ়াই অপ্ৰয়াসে বুজিবৰ অৰ্থে পোনাই দিয়া হৈছিল।

 এই পুথি ঘাইকৈ তিনি ভাগত বিভক্ত। আৰু ইয়াত