পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪
স্বৰ্গীয় সত্যনাথ বৰাৰ


সংসাৰ অদ্ভূত কৰি তুলিব পাৰে তাৰো দিহ৷ বা উপায়বোৰ নিৰ্দ্দেশ কৰি দিয়া আছে। এই প্ৰবন্ধৰ প্ৰাঞ্জল ভাষা আৰু তুলনামূলক বাক্যবোৰে পাঠক মাত্ৰৰে মন আকৰ্ষণ কৰে।

 জীৱনৰ অমিয়া প্ৰবন্ধত লিখকে মানৱ জাতিক সাধাৰণতঃ দুই শ্ৰেণীত ভগাইছে; এক শ্ৰেণীক নৰমণ্ডলিৰ ওন্দোলোৱা মুখ বা বেজাৰৰ দৃশ্যমান চিত্ৰ বুলিছে, আন শ্ৰেণীক বিকসিত কমলৰ নিচিনা উজ্জল বা প্ৰসন্ন বুলিছে। প্ৰথম শ্ৰেণীয়ে ভাবে “মধুৰ মাধুৰি মিছা, ফুলৰ লাবণ্যতা মিছা, মলয়াৰ স্নিগ্ধতা ফাঁকি, পুত্ৰ কন্যা ফাং, লাসবেশ বলিয়ালি, আনন্দ উৎসাহ উণ্ডদ্ভালি আৰু নিৰানন্দহে জীৱনৰ সাৰ। দ্বিতীয় শ্ৰেণীয়ে ভাবে বসুন্ধৰী সুখৰ আলয় আৰু সুখময় বিলাসৰ কানন। ইহঁতে বিপদৰে সৈতে লুকালুকি খেদে, শঙ্কটক নচুৱাই, আৰু শোক তাপ আদি তীক্ষ্ণ কাঁইটবোৰ মষিমূৰ কৰি সাংসাৰত পৰমানন্দে কাল কটায়। লিখকে আনন্দক জীৱনৰ অমিয়া বুলিছে। কৰ্ত্তব্য পালনক নিৰানন্দ-নাশী মহামন্ত্ৰ বুলিছে; আৰু জীৱনৰ অমীয়া উপভোগ কৰিবলৈ লিখকে বিধান দিছে। মানৰ মহত্ত্ব প্ৰবন্ধত মহৎ বা মহাপুৰুষ সকলে দয়া, সত্যবাদিতা, ন্যায় আদি মহত্ত্বৰ উপ- কৰণবোৰেৰে বিভূষিত হৈ কি দৰে মানৱ সমাজত ধৰম শিলা আৰু আন্ধাৰ জগতৰ ধ্ৰুৱতৰা স্বৰূপে বিদ্যমান থাকে, তাক দেখুৱাবলৈ কৰা যত্নত লিখক অৱশ্যে সফল মনোৰথ হৈছে।