পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৮
স্বৰ্গীয় সত্যনাথ বৰাৰ

চাপকান মূৰত উকীলৰ পাগ বা ‘চামলা’। ডেকা নে প্ৰৌঢ় মনত নাই, কাৰণ তেতিয়াৰ পৰা প্ৰায় মৃত্যুৰ দিনলৈ ৺সত্যনাথ বৰা ডাঙ্গৰীয়াক একে যেনেই দেখিছিলোঁ। মোৰ মনত বৰা ডাঙ্গৰীয়াৰ এয়ে প্ৰথম স্মৃতি। তাৰ পাছত দেখা শুনা অনেক দিন হৈছিল, বহুতো কথাবাৰ্ত্তা আলোচনা হৈছিল। কিন্তু লৰাকালতে যি ভয় মিহলি প্ৰগাঢ় শ্ৰদ্ধাৰে তেওঁক দেখিছিলোঁ, সেই ভাবটো তেওঁক দেখিলেই সদাই জাগি উঠিছিল।

 গুৱাহাটীৰ কাছাৰিত ব্ৰহ্মপুত্ৰৰ ফালে দুৱাৰমুখ থকা এখন এজলাচ আছিল। এতিয়াও কি জানি আছে। তেতিয়াৰ দিনত ৺ৰায় বাহাদুৰ মাধবচন্দ্ৰ বৰদলৈ ডাঙ্গৰীয়াই সেই এজলাচত বহি হাকিমি কৰে। আমি স্কুলৰ মাজৰ আধা ঘণ্টা ছুটিত কেতিয়াবা কাছাৰিৰ ফালে যাওঁ। এদিন দেৰটা দুটামান বজাত ৰায় বাহাদুৰ ডাঙ্গৰীয়াৰ এজলাচৰ দুৱাৰ মুখৰ খটখটিৰ এটা কি দুটা ধাপৰ তলত সেই ধুনীয়া বগা ওখ উকীল জনা, আৰু তেওঁৰ এখোজ পাছত লৰা এটি; লৰাটি ভয়, লাজ কি উৎসাহ কিবা এটা ভাবত তেওঁ প্ৰায় অস্থিৰ। অতি ভয়ে ভয়ে, অতি সন্তৰ্পণে কাগজৰ এটা টোপোলা সেই ধুনীয়া উকীল জনাৰ হাতত দিয়েই লৰাৰ পাচৰ ফালে পলায়ন; যেন কিবা এটা অতি সাংঘাতিক কাম কৰা হল। তাৰে তিনি চাৰি সপ্তাহৰ মূৰত ছপাৰ আখৰেৰে “জোনাকীৰ কোলাত সেই কাকতৰ