বৰগনিৰ ধনেৰে কিতাপ ছপাবলৈ হলে ধন তোলাত বহুত দিন লাগিব, আন কি শেষত কামটো নহবও পাৰে। মোৰ অনুমানত ১৪।১৫ জন সভ্যই মন কৰিলে পৰিশিষ্ট ছপাব পাৰিব। সম্প্রতি গুৱাহাটীৰ অঃ আঃ উঃ সাঃ সভাৰ সম্পাদক পৰা গোটোৱা শব্দবিলাক খুজি আপােনাৰ হাতলৈ নি এজন জনা লােকৰ দ্বাৰাই ছপাৰ খৰচৰ হিচাপটো ঠিক কৰাই ৰাখক।
ব্যাকৰণ যি আছে তাতো বহুত কথা পাবলৈ নাই। এখন বহল ব্যাকৰণ লিখিবলৈ কোনে গাত লয়, সেই কথাও সভাৰ বছেৰেকীয়া অধিবেশনত স্থিৰ কৰা উচিত। মােৰ বিবেচনাত এখন নতুন ব্যাকৰণ লিখিবলৈ টান হলেও হেমচন্দ্র বৰুৱাৰ ব্যাকৰণ বহলাবলৈ বৰ টান নহ’ব। সেই ব্যাকৰণ তেওঁৰ দৰে বহলাবলৈ গৰাকীয়ে সম্মতি দিয়েনে নিদিয়ে, আৰু দিলেও আয় উৎপন্ন সম্বন্ধে কি বন্ধবস্তত দিব, তাক এতিয়াই ঠিক কৰি থব লাগে, কাৰণ তেনেহলে বছেৰেকীয়া অধিবেশনত লিখক থিৰ কৰিবলৈ শুৱলা হব।
পুথি, গীত, সাধুকথা আদি সংগ্ৰহ কৰা কাৰ্য্য এতিয়াৰ পৰাই আৰম্ভ কৰিব পাৰি। কিন্তু কামৰ ভাৰ সৰ্ব্বসাধাৰণৰ গাত থৈ দিলে, সিদ্ধ হােৱাৰ আশা কম। কাৰ্য্য-নিৰ্বাহক সভাই আলচ কৰি এনে কামত ৰতি থকা ঠায়ে ঠায়ে কেইজনমান যোগ্য মানুহ বাচিলৈ সম্প্রতি তেওঁবিলাকৰ পুৰণি পুথি, গীত আৰু ফঁকৰা গােটাবলৈ সভাৰ নামত অনুৰােধ কৰা