পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৭
জীৱন-চৰিত।

বঙ্গলুৱা ভাৱেৰে অসমীয়া ৰচনা লিখি কৃতিত্ব দেখুৱাবলৈ যত্নবান হল। সত্যনাথে কিন্তু হেমকোষৰ অসমীয়া শব্দেৰে অসমীয়াৰ জতুৱা ঠাঁচেৰে, অসমীয়া খণ্ড বাক্যেৰে, পৰাপক্ষত সংস্কৃতীয়া আৰু বঙ্গলুৱা শব্দ বাদ দি নানা প্ৰৱন্ধ লিখি, কিতাপ ৰচনা কৰি, মুখেৰে বক্তৃতাত নিভাঁজ অসমীয়া শব্দৰ প্ৰয়ােগ কৰি অতিপাতকৈ সংস্কৃত শব্দ ব্যৱহাৰ কৰা অসমীয়া লিখাৰু সকলৰ চকু মােকলাই দিলে। তেওঁৰ কিতাপেৰে বিশেষকৈ সাৰথিৰে ছাত্ৰসকলৰ অসমীয়া ৰচনাত পৰিবৰ্ত্তন ঘটালে। তেওঁৰ অসমীয়া শব্দৰ প্ৰয়ােগেৰে লিখা অসমীয়া ভাষাই অসমীয়া লিখাৰু আৰু পাঠকৰ ওপৰত যথেষ্ট প্রভাৱ চলালে। শ্ৰীযুত শৰৎচন্দ্র গােস্বামীয়ে কয় যে, “অসমীয়া সাহিত্যই এই কথা পাহৰিব নােৱাৰে যে, সত্যনাথ বৰাৰ প্ৰভাৱ নোহােৱা হলে অসমীয়া বাক্যৰ ঠাঁচ আৰু বেছি পৰিমাণে বিজাতৰীয়া হলহেঁতেন”


সত্যনাথ বৰা আৰু ৰাষ্ট্রনীতি।

 সত্যনাথ বৰাই কেৱল সাহিত্যৰেই আলােচনা কৰা নাছিল। ৰাজনীতি আলােচনাতো তেওঁৰ ধাউতি একেবাৰেই নোহােৱা নাছিল। বাতৰি কাকতত জগতৰ ৰাজনৈতিক সকলৰ আলােচনা আৰু মতবােৰ সদাই সাৱধানে পঢ়িছিল। আৰু কোন পক্ষই কিদৰে আগুৱাব খুজিছে বা কি কৰিছে