পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
জীৱন-চৰিত।
 

আকাশ ৰহস্য।

 আকাশ ৰহস্য পুথি ১৮৩৭ শকাব্দত প্ৰকাশ পায়। ইয়াত আকাশ বিজ্ঞানৰ গ্ৰহ নক্ষত্ৰৰ কথাবোৰ উজু ভাষাত লিখা আছে।

 সৌৰজগত, সৌৰজগতৰ উৎপত্তি, গ্ৰহৰ আহ্নিক আৰু বাৰ্ষিক গতি, গ্ৰহবিলাকৰ পিঠি ভাগৰ বিৱৰণ, সূৰ্য্য, উপগ্ৰহ বা চন্দ্ৰ, তৰাৰাজ্য, হাতীপটি, ধূমকেতু, নেজালতৰা আৰু পপীয়া তৰা, নীহাৰিকা ইত্যাদি বিষয়বোৰৰ আলোচনা আছে। প্ৰণেতাই এই পুথি লিখাৰ উদ্দেশ্য এইদৰে প্ৰকাশ কৰিছে। “আমাৰ দেশৰ লৰাই কলেজত সোমাই আকাশ বিজ্ঞানৰ গধুৰ পুথি হাতত নাপায় মানে গ্ৰহ-নক্ষত্ৰৰ বিষয় কোনো কথা শিকিবলৈ নাপায় আৰু কোনোবা লৰাই শিকিব খুজি- লেও তালৈ পুথি নাই। এই অসুচল গুচাৰৰ মনেৰে আকাশ ৰহস্য প্ৰকাশ কৰা হল। ইয়াৰ কথাবোৰ বিজ্ঞানৰ কথা হলেও লৰামতীয়া শিকাৰুৰ মন খোৱা কৰিবলৈ বিজ্ঞানৰ গহীন সাজ এৰি দি তাক সাহিত্যৰ সাজ দিয়া হৈছে, আৰু কথাবোৰ উজু ভাষাত মোৰ ভাঙ্গি বুজাবলৈ চেষ্টা কৰা হৈছে। ভূগোল ক্ষেত্ৰতত্ত্বৰ আভাস পোৱা লৰা মাত্ৰেই ইয়াক বুজিব পাৰিব বুলি আশা কৰা যায়।” বৰ্ত্তমান সময়ত কিতাপ ৰচনা কৰি সেই কিতাপ এজনৰ উদ্দেশ্যে উচৰ্গা বা অৰ্পণ কৰা এটা ধৰাবন্ধা ৰীতি যেন অনুমান হয়। সত্যনাথ বৰা এই ৰীতিৰ