পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৯
জীৱন-চৰিত।

কথাত সন্তোষ নাপাই কৈ ফুৰিলে যে, “মোক যাবা বুলি ডাঙ্গৰীয়াই নকলে”। কিন্তু মানুহজনে বুজিব নোৱাৰিলে যে, “তোমাৰ যদি আৱশ্যক আছে যাবা” এনেটো ভাবতহে বৰা ডাঙ্গৰীয়াই তেনেকৈ সামিধান দিছিল।

 গুৱাহাটীৰ চিনিয়ৰ উকীল ৰায় বাহাদুৰ কালীচৰণ সেন, বাবু ললিতমোহন লাহিৰী, মহেন্দ্ৰমোহন লাহিৰী আৰু সত্যনাথ বৰা এই কেইজনে প্ৰায় এক সময়তে ওকালতি আৰম্ভ কৰে আৰু তেওঁলোকৰ মাজত যথেষ্ট সৌহৃদ্য ভাব আছিল। ললিত বাবুৱে কয় যে, “মই জনাত সেই সময়ত উকীল ব্যৱসায়ত আমি বহুত টকা পাইছিলোঁ। সত্যনাথ বৰায়ো আমাৰ দৰেই টকা পাইছিল। পিছত বহুত ডেকা উকীল ওকালতিলৈ অহাতহে টকা কমি গৈছিল। আমাৰ সামনে সামনে কেনেকৈ ওকালতিত টকা পাইছিল তাৰ এটা কথা মোৰ মনত আছে। এবাৰ বিজনী ষ্টেট আৰু গাৰোপাহাৰ ষ্টেটৰ মাজত মাটিবাৰী সম্পৰ্কে এটা ডাঙ্গৰ দেৱানি মোকৰ্দ্দমা হৈছিল। ৰায় বাহাদুৰ কালীচৰণ সেন, মহেন্দ্ৰমোহন লাহিৰী, উপেন্দ্ৰনাথ সেন বিজনী ষ্টেটৰ ফালে গাইপতি ১০০০৲ কৈ বাইনা লৈ উকীল হৈছিল। গাৰো পাহাৰ ষ্টেটৰ ফালে মই আৰু সত্যনাথ বৰা দুয়ো ১০০০৲ কৈ বাইনা লৈ উকীল হৈছিলোঁ। পোৱাত টকা সমানে পাইছিলোঁ, যদিও গাৰোপাহাৰৰ impossible claimৰ গুণে বিজনী ষ্টেটৰ অৱশেষত জয় হৈছিল”।