পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯০
স্বগীয় সত্যনাথ বৰাৰ

কেতিয়াবা পৰিছোঁ। প্ৰথম অৰ্থত ক্ৰিয়াটোক এটা গুটীয়া ক্ৰিয়া বুলিব নোৱাৰি। ই দুটা ক্ৰিয়াৰ সানমিহলি পঢ়ি + আছোঁ = পঢ়িছোঁ, খাই + আছোঁ= খাইছোঁ। অসমীয়াত এনেকুৱা যুটীয়া ক্ৰিয়া আৰু আছে। যেনে; দে + আহি= দেহি; যা + আহি = যাহি। পঢ়ি সাধ্যাক্ৰিয়াৰ লগত আছোঁ সিদ্ধাক্ৰিয়া গোটখাই পঢ়িছোঁ ৰূপ সিদ্ধ হৈছে। এতেকে পঢ়িছোঁ। পঢ় ধাতুৰ এটা বিশেষ ৰূপ নহয়, আৰু তাৰ ভিন নামো হব নোৱাৰে। পঢ়িছোঁ কথাৰ দ্বিতীয় অৰ্থ কেতিয়াবাই পঢ়িছো, কিন্তু তাৰ ফল ভোগ আজিও কৰি আছোঁ। এই অৰ্থত পঢ়িছোঁ পঢ় ধাতুৰ এটা বিশেষ ৰূপ। তাক পূৰ্ণভূত কালৰ ৰূপ বুলিব পাৰি। প্ৰচলিত ব্যাকৰণ- বিলাকত এই কথাৰ কোনো উল্লেখ নাই। ৺হেমচন্দ্ৰ বৰুৱাৰ ব্যাকৰণত এই কথা অলপ উনুকিয়াইছে, কিন্তু কালটোৰ কোনো নাম দিয়া নাই, কেৱল বাক্যবিন্যাস প্ৰকৰণত এই ৰূপটো সেই অৰ্থতো ব্যৱহাৰ হয় বুলি লিখা আছে। আমি প্ৰথমে ধাতুৰ এইৰূপ দুটাক পৃথক কৰি দেখুইৱাই সুকীয়া ৰূপটোক পূৰ্ণভূতকালৰ ৰূপ বুলি লিখিবলৈ ওলাইছিলোঁ। কিন্তু তেনে কৰিলে অসমীয়া ব্যাকৰণত এটা বিশেষ পৰিবৰ্ত্তন ঘটোৱা হব, আৰু ইমান কালৰ পাচত তেনে পৰিবৰ্ত্তন কৰিলে ভাষাটোৰ অনিষ্ট হব পাৰে, গছৰ পুলি ঘনেপতি ঠাই সলাই ৰুলে সি উদগতি কৰিব নোৱাৰে, এনেটো আশঙ্কা কৰি অসমীয়া ভাষাৰ খ্যাতনামা অধিনায়ক