পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৬
স্বৰ্গীয় সত্যনাথ বৰাৰ
 

 নগাৱৰ অষ্টম সাহিত্য সম্মিলনব উপযুক্ত সভাপতি আমাৰ ঔপন্যাসিক শ্ৰীযুত ৰজনীকান্ত বৰদলৈদেৱে কয় যে, সত্যনাথ বৰাৰ লগত সময়ে সময়ে একে মেচতে মই কলিকতাত আছিলোঁ। তেওঁ মোতকৈ বয়স আৰু পঢ়া উভয়তে চিনিয়ৰ আছিল। যি বছৰ মই এফ-এ পৰীক্ষা ৬৭নং মিৰ্জ্জাপুৰ ষ্ট্ৰীটত থাকি দিওঁ, সেই বছৰ ৺বৰা ডাঙ্গৰীয়াই বি-এল পঢ়িছিল। তাৰ পিছ বছৰত তেওঁ ফৰিদপুৰত স্কুল এখনলৈ বি-এল পৰীক্ষাৰ খৰচ গোটাবলৈ এবছৰৰ কাৰণে হেড্মা‌ষ্টাৰ হৈ গৈছিল। কলেজৰ জীৱনতো ৺ বৰা ডাঙ্গৰীয়া বৰ অমায়িক বিধৰ ডেকা আছিল। তেওঁ কাৰো লগত কোনো হাই দ্বন্দ্ব কাজীয়া কৰা নেদেখিলোঁ। তেওঁ সেই সময়তেই বৰ উদাৰ চৰিত্ৰৰ আছিল। তেওঁৰ তলৰ শ্ৰেণীৰ কোনোৱাই কোনো বিষয় শিকিব খুজিলে আগ্ৰহেৰে শিকাইছিল। তেওঁ বৰ তীক্ষ্ণ বুদ্ধিৰ আছিল আৰু কি ইংৰাজী, কি অসমীয়া, কি বঙ্গালী এই তিনিও ভাষাতে তেওঁৰ বিশেষ ব্যুৎপত্তি থকা কথা এটায়ে জানিছিল। তেওঁ কি লিখাত কি বক্তৃতা দিয়াত উভয়তে বৰ পটু আছিল। সুন্দৰ উচ্চাৰণ আৰু Idiomৰে সৈত আৱশ্যক মতে এই তিনিও ভাষাতে অনৰ্গল শুদ্ধ ভাষাৰে বক্তৃতা দিব পৰা ক্ষমতা আছিল। ফৰিদপুৰত থাকোঁতে আনকি কে, জি, গুপ্তৰ নিচিনা জজ চাহাবেও তেওঁৰ সেই স্কুলত দিয়া বক্তৃতা শলাগিছিল। তেওঁৰ ভাষাৰ জ্ঞান ওখ