পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
স্বৰ্গীয় সত্যনাথ বৰাৰ

ভাষালৈ তেওঁৰ আসক্তি অটুট থাকিল, বৰঞ্চ বেচিহে হল। কলিকতাত থাকোতে ছাত্ৰ অৱস্থাত আগডোখৰত সত্যনাথে প্ৰায় তেতিয়াৰ ইংলিচমেন কাকতত লিখিছিল। তেওঁ ইংৰাজী লিখাতহে সিদ্ধহস্ত আছিল বুলি তেতিয়াৰ অসমীয়া ছাত্ৰ- সমাজত জনাজাত আছিল! এড্‌ভ‌কেট অব্‌ আসামৰ সুযোগ্য সম্পাদক গুৱাহাটীৰ ৺ মথুৰামোহন বৰুৱা যদিও সত্যনাথতকৈ বয়সত সৰু আছিল তথাপি দুয়োৰ বৰ বন্ধুত্ব আছিল। ৺ মথুৰামোহনে কৈছিল যে, সত্যনাথে সদাই ইংৰাজী অভিধান এখন আগত লৈ ভাবি বহি থাকে আৰু সুন্দৰ সুন্দৰ প্ৰবন্ধবোৰ ইংলিচমেন কাকতলৈ লিখে! মথুৰামোহনে সত্যনাথৰ পৰাই ইংৰাজী কাকতত প্ৰথমে লিখিবলৈ শিকে।

 ১৮৮৫ খৃষ্টাব্দত ৰায় গুণাভিৰাম বৰুৱা বাহাদুৰে “আসাম বন্ধু” নামেৰে এখন উচ্চ ধৰণৰ মাহেকীয়া আলোচনী প্ৰকাশ কৰে। তাত সাহিত্য, বিজ্ঞান, বুৰঞ্জী আৰু বিবিধ বিষয়ক লাগতিয়াল প্ৰবন্ধ প্ৰকাশিত হৈছিল। এই ‘আসাম-বন্ধুত’ ৺ সত্যনাথ বৰাই প্ৰথমে অসমীয়াত নানা প্ৰবন্ধ লিখিবলৈ, আৰম্ভ কৰে।

 কলিকতা প্ৰবাসী ছাত্ৰসকলে ১৮৮৯ খৃষ্টাব্দত “জোনাকী” নামেৰে এখন উচ্চ ধৰণৰ আলোচনী প্ৰকাশ কৰিছিল। এই কাকতত ৺ সত্যনাথ বৰাৰ কেইবাটিও মৌলিক প্ৰবন্ধ প্ৰকাশিত হৈছিল। এইবোৰত বাদেও ১৮৯৫ খৃষ্টাব্দত