নেদেখি সেই বিষয়ে বিশেষ একো ভূ-ভা নলৈ নিজ ঘৰলৈ গুছি গল। পিছত ঘৰৰ পৰা আহি কথা প্ৰসঙ্গত এই কথাটো উকীলখানাত উলিয়ালত সত্যনাথ বৰাই আকাশৰ পৰা কেতিয়াবা কেতিয়াবা কোনো বহুমূলীয়া পাথৰ পৰা কথাটো আগৰে পৰা জানি আৰু পাথৰ আদি তেনেকৈ পৰেনে নপৰে ইত্যাদিৰ সত্যতা সম্বন্ধে কটন কলেজৰ প্ৰফেচাৰ চুনীলাল দেৰ লগত পৰামৰ্শ কৰি শ্ৰীযুত গোসাঁই দেৱক গাৱঁলৈ সেই মানুহ জনীক বিচাৰি পাথৰ ডোখৰ লৈ আহিবলৈ বৰকৈ অনুৰোধ কৰিলে আৰু কথাটোৰ গুৰুত্ব সম্বন্ধে ভালকৈ বুজাই অনিচ্ছুক গোসাঁইদেৱক সাতবন কাতি কৰি থৈ কছাৰী-খোলা-থকা-দিনতো পুনৰায় সেই গাৱঁলিয়া তিৰোতাজনীৰ উদ্দেশ্যে নিজ গাৱঁলৈ যাব লগিয়াত পেলালে। যদিও সেহত গাৱঁলীয়া তিৰোতাজনীৰ কথাটো সন্ধান কৰি অমূলক বুলি জানি নৈৰাশ হৈ গোসাঁইদেৱে বৰা ডাঙ্গৰীয়াৰ মনৰ খুদুৱনি মাৰ নিয়ালে। এই কথাৰ পৰা সত্যনাথৰ আকাশ তত্ত্ব জানিবলৈ কেনে আগ্ৰহ আছিল তাক ভালকৈ জনা যায়।
⸻
কেন্দ্ৰ-সভা
গুৱাহাটীৰ পৰা প্ৰকাশিত মাহেকীয়া আলোচনী জোনাকী কাকতত কেন্দ্ৰ-সভা নাম দি সত্যনাথ বৰাই সেই সময়ত সমাজৰ দোষাদোষ আলোচনা কৰি কেইটিমান প্ৰৱন্ধ লিখে।