পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
জীৱন-চৰিত।


জন্মিজয় দাস, অভয়চৰণ শৰ্ম্মা আদি বঙ্গদেশৰ বিশিষ্ট শিক্ষিত লোক সকলৰ হাতত এই স্কুল পৰিচালনাৰ ভাৰ যথাক্ৰমে পৰে। ৺সত্যনাথ বৰাই যেতিয়া এই স্কুলত নাম লগায় তেতিয়া স্কুলৰ হেডমাষ্টৰ আছিল বাবু শ্ৰীনাথ সেন।

 সত্যনাথে স্কুলত দুবছৰ পঢ়োতেই বুঢ়ীমাকৰ মৃত্যু হয়। এতিয়া আৰু সত্যনাথ অকলশৰীয়া হল। স্কুলত পঢ়া দূৰৈত থাওক পেটৰ ভাত মুঠিৰো ঠি ক নোহোৱা হল। খৰছৰ অভাৱত স্কুল এৰি ভগা পজাত ৰাতিটো কটাই দিনৰে দিনটো এনেয়ে নিয়াব ধৰিলে। আহা! সংসাৰত পিতৃ-মাতৃহীন হলে অভিভাৱকৰ অভাৱ হলে এনে কত অসম-সন্তানৰ বিলাই বিপত্তি মিলে, কতজনৰ মানসিক স্বাভাবিক বৃত্তি থকাতো উপযুক্ত ব্যৱহাৰৰ অভাৱত সকলো লোপ পায় তাক কোনো জানে। সত্যনাথ স্কুলত থাকোতে শিক্ষক- সকলৰ বৰ প্ৰিয় আছিল। তেওঁ সহজে কথা মনত ৰাখিছিল, স্বভাৱ-চৰিত্ৰ উত্তম আছিল আৰু মুখত যেন সদায় এটা উজ্জ্বল ভাব ফুটি ওলাইছিল। শিক্ষক সকলে এনেজন ছাত্ৰই খৰছৰ অভাৱত ছাত্ৰজীৱন সামৰিব লগা হোৱা দেখি তেওঁৰ দদায়েক সোণাৰাম বৰাক সত্যনাথৰ গুণৰ কথা কৈ পঢ়ুৱাবলৈ অনুৰোধ কৰিলে। সোণাৰাম বৰায়ো সত্য- নাথৰ ৰেহ-ৰূপ, মনৰ গতিবিধি মনে মনে লক্ষ্য কৰি আছিল। তেওঁৰ মনেও সত্যনাথক শিক্ষা দিবলৈ অভিলাষ কৰি আছিল। এতিয়া শিক্ষকসকলৰ কথা শুনি সোণাৰাম বৰাই সত্যনাথক