পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৯
জীৱন-চৰিত।

মাথোন সংক্ষেপকৈহে উল্লেখ আছে। বহল ব্যাকৰণৰ এই অধ্যায়টো বিশেষকৈ পাঠ কৰিব লগীয়া আৰু লিখক মাত্ৰেই ইয়াক মানি চলিব লগীয়া। বৰা ডাঙ্গৰীয়াই কৈছে যে, “ভাষাই পতি কোৱাৰ এটা সুকীয়া ধৰণ আছে। অসমীয়া ভাষাৰো এটা সুকীয়া ধৰণ আছে। সেই ধৰণটোক আমি অসমীয়া ভাষাৰ জতুৱা ঠাঁচ বুলিছোঁ। ঠাঁচ শব্দৰ অৰ্থ ঠাঁচা বা সাঁচ, কোনো বস্তু গঢ়িবলৈ হলে তাৰ এটা সাঁচ মাটিৰে গঢ়ি লোৱা হয়, আৰু তাত ঢালি সেই গঢ়ৰ বস্তু প্ৰস্তুত কৰা হয়। আসমীয়া ঠাঁচত বা সাঁচত বাক্য নাঢালিলে যথাৰ্থ অসমীয়া নহয়। বঙ্গলা চোক উঠেছে বা পেট নেবেছে এই দুই কথাৰ পৰিবৰ্ত্তে অসমীয়াত চকু উঠিছে, পেট নামিছে বুলিলে বাক্য দুটা অসমীয়া নহব, সিহঁতক অসমীয়া ঠাঁচত ঢলা নহল। আচল ঠাঁচত ঢালিলে সিহঁত চকু নামিছে আৰু পেট বৈছে হব। আজি কালিৰ দিনত কিন্তু এনেকুৱা কথা বহুত পোৱা যায়। সেই নিমিত্তে বহল ব্যাকৰণত অসমীয়া ভাষাৰ জতুৱা ঠাঁচ সম্বন্ধে লিখা হৈছে, আৰু কিছুমান উদাহৰণো দিয়া হৈছে।"

 প্ৰচলিত অসমীয়া ব্যাকৰণবিলাকত ক্ৰিয়াৰ কাল সম্বন্ধে অলপ অসঙ্গত কথা দেখা যায় বুলি বৰাদেৱে উল্লেখ কৰিছে। যেনেঃ—“পঢ়িছোঁ খাইছোঁ আদি ক্ৰিয়াৰ ৰূপক সেই ব্যাকৰণবিলাকত স্বৰূপ বৰ্ত্তমান ৰূপ বুলি কৈছে। পঢ়িছোঁ শব্দৰ অৰ্থ দুটা হব পাৰে, এই মুহৰ্ত্তত পঢ়ি আছোঁ, আৰু আগেয়ে