পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৭
জীৱন-চৰিত।

 ১৯১৩ খৃষ্টাব্দত প্ৰাচীন কামৰূপৰ ৰাজধানী প্ৰাগ্‌জ্যো‌তিষ পুৰত বুৰঞ্জী মূলক তথ্যৰ চৰ্চ্চাৰ কাৰণে, বুৰঞ্জী বহুল অসম দেশৰ ঐতিহাসিক তত্ত্ববোৰৰ উদ্ধাৰৰ কাৰণে, দেশত প্ৰত্নতত্ত্বৰ আলোচনাৰ বিস্তাৰৰ কাৰণে, দেশৰ প্ৰাচীন সম্পদবোৰ সংগ্ৰহ বা ৰক্ষাৰ কাৰণে আৰু ভবিষ্যতে আসামত যাতে এটি মিউজিয়েম্‌ স্থাপন কৰিব পৰা হয় তাৰ কাৰণে, কামৰূপ অনুসন্ধান সমিতি নামে এটি সমিতি স্থাপন কৰা হয়। গুৱহাটীত দীঘলী পুখুৰীৰ দক্ষিণ পাৰে এই অনুসন্ধান সমিতিৰ গৃহ এতিয়া অৱস্থিত। এই অনুসন্ধান সমিতিৰ আদিৰ পৰা অন্তলৈকে সত্যনাথ বৰা এজন মুখ্য সভ্য আছিল। তেওঁ এঘাৰজন সভ্যেৰে গঠিত কাৰ্য্য-নিৰ্ব্বাহক সমিতিৰ এজন প্ৰধান সভ্য আছিল, আৰু তেওঁৰ গাত আঠ দহ বছৰলৈ হিচাব পৰীক্ষকৰ বাব আছিল। এই সমিতিৰ অধিবেশনত তেওঁ নিজৰ সাত বন কাটি কৰি থৈও উপস্থিত নোহোৱাকৈ থকা নাছিল।

সত্যনাথ বৰা আৰু দহজনৰ কথা।

 গুৱাহাটীৰ সোণাৰাম এইডেড্‌ হাই স্কুলৰ হেডমাষ্টৰ শ্ৰীযুত নবকুমাৰ বৰুৱাই কয় যে, সত্যনাথ বৰা ১৯১৩ চনৰ পৰা ১৯১৮ চনলৈকে আৰু শুনাত তাৰ আগৰে পৰা এই হাইস্কুলৰ কাৰ্য্য-নিৰ্বাহক কমিটিৰ এজন বিশিষ্ট সভ্য আছিল।