পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৪
স্বৰ্গীয় সত্যনাথ বৰাৰ


 

৺সত্যনাথ বৰা আৰু হেমচন্দ্ৰ বৰুৱা

 সত্যনাথ বৰাই অসমীয়া ভাষা সম্বন্ধীয় সকলো কথাতে হেমচন্দ্ৰ বৰুৱাক মানি চলিছিল। হেমচন্দ্ৰ বৰুৱাৰ ব্যাকৰণ আৰু হেমকোষ ৰীতিমতে তেওঁ তন্ন তন্নকৈ পাঠ কৰিছিল। হেমচন্দ্ৰ বৰুৱাই ব্যাকৰণ ৰচনা কৰি আৰু হেমকোষ প্ৰণয়ন কৰি অসমীয়া ভাষাৰ নিমিত্তে যি পথ মোকলাই দি গল, সেই পথ তেওঁ সৰ্ব্বতোভাবে অনুসৰণ কৰি চলিছিল। সত্যনাথ বৰাই হেমকোষ অধ্যয়ন কৰিবলৈ প্ৰকাশ্যে সক- লোকে কৈছিল আৰু অসমীয়া ভাষা শিকিবৰ ঘাই উপায় ব্যাকৰণ আৰু অভিধান, এইমত তেওঁ সমৰ্থন কৰিছিল। সত্যনাথ বৰাই কেতিয়াবা ঘৰত এনেয়ে বহি থাকিলে হেমকোষ নাইবা Chambers's English Dictionary খনকে চাই থাকিছিল। এইবোৰ কাৰণৰ নিমিত্তে হেমচন্দ্ৰ বৰুৱাৰ হেমকোষৰ শব্দবোৰে তেওঁৰ ৰচনাত বিশেষ প্ৰভাৱ চলাইছিল। হেমচন্দ্ৰ বৰুৱাৰ অসমীয়া ৰচনা ৰীতি, অসমীয়া বাক্যবিন্যাস আদিত যেনে অভিমত আছিল, সত্যনাথ বৰাৰো ঠিক তেনেবোৰ ভাব আছিল। হেমচন্দ্ৰ বৰুৱাই অসমীয়া উচ্চাৰণ আৰু অসমীয়া বৰ্ণবিন্যাস আদিৰ কট্ক‌টিয়া নিয়ম বান্ধি দি গল মাথোন, সত্যনাথ বৰাৰ নিচিনা এজন লব্ধপ্ৰতিষ্ঠ লোকে সেইবোৰ নিয়ম পালন কৰি আৰু যথাযথৰূপে ব্যৱহাৰ কৰি হেমচন্দ্ৰৰ মতবোৰৰ সাৰ্থকতা