পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সত্যনাথৰ আদি অৱস্থা।

 স্বৰ্গীয় সত্যনাথ বৰাৰ উপৰি পুৰুষসকল তেজপুৰৰ নদুৱাৰ অঞ্চলৰ হোৰাপোৱা গাৱঁত আছিল। তাত সিবিলাকৰ আৰ্থিক অৱস্থা কেনে আছিল আৰু ৰজাঘৰীয়া বিশেষ বাব আছিল নে নাই সেই বিষয় একো জনা নাযায়। মুঠতে আদি পুৰুষ জনৰ নাম কলীৰাম আৰু তেওঁৰ পুত্ৰ পৰিয়ালৰ নাম মাথোন কিছু জনা যায়।

 কলীৰামক ধৰি চাৰি পুৰুষলৈকে সিবিলাক হেৰাপোৱা গাৱঁত আছিল। পিছত জীউনাথৰ দিনত সিবিলাক গুৱাহাটীলৈ উঠি আহে আৰু তেৱেঁই ৰজাঘৰীয়া বৰবৰা বাব পায়। তেতিয়া স্বৰ্গদেৱ গৌৰীনাথ সিংহ অসমত ৰজা আছিল আৰু গুৱাহাটীত বদনচন্দ্ৰ বৰফুকন আছিল। গৌৰীনাথ সিংহই এওঁলোকৰ ঘৰক বৰবৰা পাতি বৰফুকনৰ তত্ত্বাবধানত কাম কৰিবলৈ গুৱাহাটীলৈ আহিবলৈ আদেশ দিয়ে। ৰজাৰ আদেশমতে সিবিলাকে গুৱাহাটীৰ ভৰলুমুখত বসতি কৰে। তেতিয়াৰ দিনত ভৰলুমুখ গুৱাহাটীৰ এখন মুখ্য ঠাই আছিল। Dr. J. P. Wadeএ সেই ভৰলুমুখত এটা ফোৰ্ট (দুৰ্গ) আছিল বুলি উল্লেখ কৰি গৈছে। বৰফুকনৰ ঘাই বিষয়াসকল প্ৰায় সেইবোৰ ঠাইতে আছিল। পুৰণি গুৱাহাটী